শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Champions trophy: নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়, ৫টাকৈ উইকেট দখল বৰুণৰ…

Champions trophy 2025: জয়ৰ ধাৰা অব্যাহত ৰাখি পুনৰ চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত ভাৰতীয় ক্ৰিকেট দলৰ দল। ৪৪ ৰানত নিউজিলেণ্ডৰ বিৰুদ্ধে জয় টিম ইণ্ডিয়াৰ।

barasha-sarma
Barasha Sarma | Published: 02 Mar 2025 22:10 PM
জয়ৰ ধাৰা অব্যাহত ৰাখি আইচিচি চেম্পিয়নছ ট্ৰফীত আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়।  প্ৰথমে বেটিং কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে নিউজিলেণ্ডৰ সন্মুখত বান্ধি দিছিল ২৫০ ৰানৰ লক্ষ্য। কিন্তু সেই লক্ষ্যত উপনীত হব নোৱাৰিলে নিউজিলেণ্ড।

1 / 5
আজিৰ খেলখনত ভাৰতে নিউজিলেণ্ডক ২৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল। কিন্তু নিউজিলেণ্ডে আটাইকেইটা উইকেটৰ বিনিময়ত ৪৫.৩ অভাৰত মাত্ৰ ২০৫ ৰান কৰিবলৈহে সক্ষম হয়। ভাৰতীয় ক্ৰিকেট দলটোৱে ৪৪ ৰানত এই জয়লাভ কৰিবলৈ সক্ষম হয়।  ইয়াৰ লগে লগে টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীত একেৰাহে ৩ বাৰকৈ জয়লাভ কৰিবলৈ সক্ষম হয়।

2 / 5
ই জয়ৰ জৰিয়তে ভাৰতে নিজৰ গ্ৰুপত প্ৰথম স্থান দখল কৰি প্ৰথম ছেমি ফাইনেলত স্থান দখল কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে ৫টা উইকেট দখল কৰি দলটোক জয়লাভ কৰাত সহায় কৰে। টুৰ্ণামেন্টত নিউজিলেণ্ডৰ এয়া প্ৰথম পৰাজয়।

3 / 5
২ মাৰ্চ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন গ্ৰুপ মেচত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল। আজিৰ ফলাফলৰ পৰা স্পষ্ট হৈ পৰে যে ছেমিত ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।

4 / 5
উল্লেখ্য যে, ভাৰতীয় দলটোৰ আজিৰ খেলৰ আৰম্ভণি দুৰ্বল আছিল। মেট হেনৰী আৰু কাইল জেমিছনে ভাৰতীয় দলৰ শীৰ্ষ ৩ বেটছমেনক ৭ নং অভাৰৰ ভিতৰতে পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল।ইয়াৰ পিছতে শ্ৰেয়াছ আয়েৰ আৰু অক্ষৰ পেটেলে ইনিংছ নিয়ন্ত্ৰণ কৰি ৯৮ ৰানৰ অংশীদাৰিত্ব কৰে। এনেকৈয়ে ভাৰতীয় ক্ৰিকেট দলটোৱে নিউজিলেণ্ডৰ আগত ২৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল।

5 / 5