মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে? | Cheapest Interest rate government loan, know about Kisan Credit Card loan scheme Assam news - Assam Tv9

মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে?

Published: 

17 Jan 2025 18:19 PM

কোনো বিশেষ সময়ত ধনৰ অত্যন্ত প্ৰয়োজনৰ বাবে মানুহে ঋণ ল’বলগা হয়। কিন্তু অতিমাত্ৰা সুতৰ হাৰৰ বাবে এনে ঋণ লৈ সাধাৰণ লোকসকলৰ জীৱন বহুসময়ত দুৰ্বিষহ হৈ পৰিব পাৰে। পিছে সাধাৰণ লোকসকলৰ সহায় হোৱাকৈ কান্ধত যাতে ঋণৰ বোজা নপৰে তাৰ বাবে বিভিন্ন চৰকাৰী আঁচনিৰ ব্যৱস্থা আছে। অথচ এনে আঁচনিসমূহৰ বিষয়ে বহু লোকেই অজ্ঞাত। চাওঁ আহক এনে এক আঁচনিৰ বিষয়ে।

1 / 5কোনো কাৰণত আমাক জৰুৰীভাৱে কিছু টকাৰ প্ৰয়োজন হ’লে বা কোনো পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে আমি ঋণৰ আশ্ৰয় লওঁ। বহুসময়ত এনে ধৰণৰ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ যথেষ্ট পৰিমাণৰ হোৱা দেখা যায়। আনহাতে ব্যক্তিগতভাৱে কাৰোবাৰ পৰা ধন ধাৰে লোৱাটোও বহুসময়ত অস্বস্তিকৰ হৈ পৰে।

কোনো কাৰণত আমাক জৰুৰীভাৱে কিছু টকাৰ প্ৰয়োজন হ’লে বা কোনো পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে আমি ঋণৰ আশ্ৰয় লওঁ। বহুসময়ত এনে ধৰণৰ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ যথেষ্ট পৰিমাণৰ হোৱা দেখা যায়। আনহাতে ব্যক্তিগতভাৱে কাৰোবাৰ পৰা ধন ধাৰে লোৱাটোও বহুসময়ত অস্বস্তিকৰ হৈ পৰে।

2 / 5

সেয়ে উচ্চ হাৰত সুত প্ৰদান কৰিবলগা হ’লেও বেংকৰ পৰাই ঋণ ল’বলগা হয়। পিছে সাধাৰণ লোকসকল যাতে ঋণৰ বোজাত বিপৰ্যস্ত হ’বলগীয়া নহয়, তাৰ বাবে বিভিন্ন চৰকাৰী আঁচনিৰ ব্যৱস্থা আছে। কিন্তু এনে আঁচনিসমূহৰ বিষয়ে বহু লোকেই অজ্ঞাত হৈ ৰয়।

3 / 5

বিভিন্ন চৰকাৰী ঋণ আঁচনিৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ড হৈছে আটাইতকৈ কম সুতৰ ঋণ। এই আঁচনিৰ অধীনত মাত্ৰ ৪ শতাংশ সুতৰ হাৰত ঋণ পোৱা যায়। আঁচনিখনৰ অধীনত সৰ্বোচ্চ ৩ লাখ টকাৰ ঋণ লাভ কৰিব পাৰি।

4 / 5

অৱশ্যে এই আঁচনিৰ অধীনত ঋণ লাভৰ বাবে কৃষিভূমি থকাটো বাধ্যতামূলক। যদি আপোনাৰ নিজৰ নামত কৃষিভূমি আছে তেন্তে কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ বাবে অনলাইন বা অফলাইন আবেদন কৰিব পাৰে।

5 / 5

কৃষকৰ উপৰিও মীন বা পশুপালনৰ লগত জড়িতসকলেও এই ঋণ লাভ কৰিব পাৰে। নিৰ্বাচনৰ পূৰ্বে বহুবাৰ চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সুত ৰেহাই দিয়ে। গতিকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি যোগ্য লোকসকলে প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?