Chhath puja 2024: ৭ নে ৮ নৱেম্বৰ? কেতিয়া পালন কৰা হ'ব ষট পূজা, জানক সঠিক তাৰিখ... | chhath puja 2024 date know when celebrate chhath puja real date in assamese Assam news - Assam Tv9

Chhath puja 2024: ৭ নে ৮ নৱেম্বৰ? কেতিয়া পালন কৰা হ’ব ষট পূজা, জানক সঠিক তাৰিখ…

Published: 

03 Nov 2024 19:21 PM

Chhath puja 2024: দেৱালীৰ তাৰিখক লৈ মানুহৰ মনত বিভ্ৰান্তি থকাৰ দৰে এতিয়া ষট পূজাৰ তাৰিখলৈও মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সমগ্ৰ দেশত এই ষট পূজা পালন কৰা হ'ব। হিন্দু ধৰ্মত ষট পূজাৰ গুৰুত্ব অধিক।

1 / 5দেৱালীৰ পাছতেই আহি আছে ষট পূজা। হিন্দু ধৰ্মত ষট পূজাক মহত্ব অধিক।  এই পূজা বিশেষকৈ  বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ কিছুমান ঠাইত পালন কৰা হয়।  এই দিনটোত মহিলাসকলে উপবাসে থাকি সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়ায়। কিন্তু দেৱালীৰ দৰে ষট পূজাৰ তাৰিখলৈও মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

দেৱালীৰ পাছতেই আহি আছে ষট পূজা। হিন্দু ধৰ্মত ষট পূজাক মহত্ব অধিক। এই পূজা বিশেষকৈ বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ কিছুমান ঠাইত পালন কৰা হয়। এই দিনটোত মহিলাসকলে উপবাসে থাকি সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়ায়। কিন্তু দেৱালীৰ দৰে ষট পূজাৰ তাৰিখলৈও মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

2 / 5

ষট পূজা ছঠী মাইয়াৰ প্ৰতি উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ উৎসৱ। ৰাজ্যৰো কিছুমান ঠাইত এই পূজা পালন কৰা দেখা যায়। ষট পূজা কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালন কৰা হয়। এইবাৰ ষষ্ঠী তিথি ৭ নৱেম্বৰৰ ১২.৪১ বজাৰ পৰা আৰম্ভ হৈ ৮ নৱেম্বৰ শুকুৰবাৰ ১২.৩৪ মিনিটলৈ থাকিব।

3 / 5

গতিকে ৭ নৱেম্বৰত ষট পূজা পালন কৰা হ'ব।পূজা সম্পন্ন কৰিবলৈ সন্ধিয়াৰ অৰ্ঘ ৭ নৱেম্বৰৰ দিনা আৰু পুৱাৰ অৰ্ঘ ৮ নৱেম্বৰৰ দিনা প্ৰদান কৰা হ'ব। ইয়াৰ পাছত মহিলাসকলে ব্ৰত ভাঙিব পাৰিব। এই দিনটোত নদীলৈ গৈ মহিলাসকলে পূজা কৰা দেখা যায়।

4 / 5

হিন্দু ধৰ্মত ষট পূজাত ষঠী মাইয়া আৰু সূৰ্য দেৱতাৰ নীতি- নিয়ম অনুসৰি পূজা কৰা হয়। দীপাৱলীৰ ৬ দিন পাছত ষট পূজাৰ পৰ্ব আৰম্ভ হয়। নাহয়-খায় আৰু খৰনাৰ পৰা আৰম্ভ কৰি চাৰিদিন ধৰি ষট পূজা চলে। পাছত সূৰ্য অস্ত আৰু সূৰ্য উদয়ৰ সময়ত সূৰ্য দেৱতাক অৰ্ঘ প্ৰদান কৰা হয়।

5 / 5

ষট পূজাত মহিলাসকলে ব্ৰত ৰাখে। মহিলাসকলে কঁকাল পৰ্যন্ত নদীৰ পানীত নামি গৈ সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়ায়। এই পূজাত মহিলাসকলে ৩৬ ঘন্টা নিৰ্জলা ব্ৰত ৰাখে। এই ব্ৰত অতি কঠিন বুলি গন্য কৰা হয় । বিশ্বাস অনুসৰি ষট পূজা কৰিলে ভক্তই শিশুৰ স্বাস্থ্য, সুখ, সমৃদ্ধি আৰু সুখৰ আশীৰ্বাদ লাভ কৰে।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...