আজি সমগ্ৰ বিশ্বতে খ্ৰীষ্টমাছ উৎসৱ উদযাপন কৰা হৈছে। খ্ৰীষ্টমাছৰ ৰঙত ৰঙীন হোৱা দেখা গৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক ধোনীক।
আৰু পত্নীক চাৰপ্ৰাইজ দিয়ে ধোনীয়ে। এই সময়ছোৱাত, ধোনীয়ে কন্যা জিভা আৰু পত্নী সাক্ষীকো উপহাৰ দিয়ে।
এই ফটোবোৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ধোনীৰ নতুন ৰূপটো তেওঁৰ পত্নী সাক্ষীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। সাক্ষীক মাহীৰ সৈতে সেউজীয়া পোছাকত দেখা গৈছে।
সাক্ষীয়ে ইনষ্টাগ্ৰামত এই ফটোবোৰ শ্বেয়াৰ কৰিছে। ফটোত ধোনীক ছাণ্টাক্ল'জৰ ৰূপত দেখা গৈছে। ৰঙা আৰু বগা পোছাকৰ সৈতে তেওঁ ডাঙৰ বগা দাড়িও পিন্ধিছে।
এম এছ ধোনীৰ কন্যা জিভাই পিতৃৰ সৈতে খুব আনন্দ কৰা দেখা গৈছে। ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে ধোনীৰ ধেমেলীয়া ফটোৰ প্ৰতি বিভিন্ন প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।