শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্ৰীৰামকৃষ্ণ মিছন সেৱাশ্রমৰ চিকিৎসালয়লৈ ৫ কোটি অনুদান মুখ্যমন্ত্ৰীৰ

মঙলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শিলচৰস্থিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ লগতে শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

manas-borah
Manas Borah | Published: 18 Mar 2025 18:15 PM
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শিলচৰস্থিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ লগতে শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।  এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ প্রতি গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ সচিব স্বামী গণধীষানন্দ আৰু সেৱাশ্ৰমখনৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

1 / 5
মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভাৰতবৰ্ষত জন্মগ্রহণ কৰা মহান আধ্যাত্মিক মনিষী সকলৰ অন্যতম হৈছে শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱ। নিজৰ জীৱন আৰু শিক্ষাৰে তেখেতে আমাৰ সমাজলৈ চিৰস্থায়ী অৱদান আগবঢ়াই গৈছে। তেখেতে ভাৰতীয় সনাতন সভ্যতাক সমৃদ্ধ কৰাই নহয়, সামগ্রিকভাবে বিশ্বক কালজয়ী প্রজ্ঞাও প্রদান কৰি গৈছে বুলি কয় ড° শর্মাই কয়।

2 / 5
ৰামকৃষ্ণ মিছন সেৱশ্রমৰ বর্ণিল ইতিহাসক আলোকপাত কৰি ড° শৰ্মাই কয় যে,  ১৯৩৯ চনৰ ১৫ ফেব্রুৱাৰীত ৰামকৃষ্ণ সেৱা সমিতি আনুষ্ঠানিকভাৱে বেলুৰ মঠৰ ৰামকৃষ্ণ মিছনৰ সৈতে সংযুক্ত হয়। এই সংযুক্তিকৰণে সেৱাশ্রমক মিছনৰ এটা আনুষ্ঠানিক শাখা কেন্দ্রৰ ৰূপত স্বীকৃতি দিয়ে আৰু স্বামী পুৰুষোত্তমানন্দ মহাৰাজক প্রথম সম্পাদক হিচাপে নিয়োগ কৰা হয়, আৰু তেওঁৰ অৱদানে এই সেৱাশ্ৰমৰ বিকাশৰ বাবে শক্তিশালী ভেটি স্থাপন কৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

3 / 5
মুখ্যমন্ত্রী ড° শৰ্মাই শ্ৰীৰামকৃষ্ণ মিছন সেৱাশ্রমৰ চিকিৎসালয় মা সাৰদা দাতব্য চিকিৎসালয়ৰ বাবে ৰাজ্য চৰকাৰে ৫ কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। লগতে শিলচৰত শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ সাৰ্বজনীন মন্দিৰ নির্মাণত ব্যয় কৰা পুঁজিৰ ক্ষেত্ৰত যি বকেয়া ঋণ আছে সেয়া ঘুৰাই দিবৰ বাবে ৪ কোটি টকা প্রদান কৰি বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

4 / 5
আজিৰ এই অনুষ্ঠানত সাংসদ পৰিমল শুক্লবৈদ্য, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, মন্ত্রী কৃষ্ণেন্দু পাল,মন্ত্রী কৌশিক ৰায়ৰ লগতে বিধায়ক আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

5 / 5