শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৫০ টকাতে পাব ৰন্ধন গেছ: নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। নিজৰ নিজৰ দলৰ বাবে প্ৰচাৰত নামিছে শাসক- বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

trishna-kalita
Trishna Kalita | Updated On: 29 Apr 2025 18:27 PM
২ মে' আৰু ৭ মে' তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। নিজৰ নিজৰ দলৰ বাবে প্ৰচাৰত নামিছে শাসক বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

1 / 5
আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে। মৰিগাঁও, দৰং আৰু ৰঙিয়াত জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

2 / 5
নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কয় যে, মৰিগাঁও-দৰং সংযোগী দলং নিৰ্মাণ কৰা হ’ব। লগতে মৰিগাঁও-দৰং হৈ ভূটানলৈকে নিৰ্মাণ হ’ব পথ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো দৰিদ্ৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।

3 / 5
লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, ৯৫০ টকাৰ ঠাইত ৬০০-৬৫০ টকাতে ৰাইজৰ দিয়া হ’ব গেছৰ চিলিণ্ডাৰ। উজ্জ্বলা আঁচনিৰ অধীনত  ২৫০ টকাতে ৰন্ধন গেছ লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

4 / 5
মৰিগাঁৱৰ ৩০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া আশ্বাস প্ৰদান। মহিলাসকলক ম’বাইল দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। মেট্ৰিক পৰীক্ষাৰ্থীক গাখীৰ খাবলৈ প্ৰতিমাহে ৩০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

5 / 5