ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে। চৰকাৰে এই বাজেটত বহু গুৰুত্বপূৰ্ণ দিশ পৰিৱৰ্তনৰ কৰিব পাৰে। এনে ক্ষেত্ৰত বিমান পৰিবহণ খণ্ডতো যথেষ্ঠ আশা আছে।
বিগত কেইবছৰমানৰ পৰা বিমান পৰিবহণ খণ্ডত কোনো ডাঙৰ পৰিৱৰ্তন দেখা পোৱা নাই। ইয়াৰ বিপৰীতে এই খণ্ডটো বৃহৎ লোকচানত চলি আছে।
এই খণ্ডটোৱে বহু সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত আছে দুৰ্বল আন্তঃগাঁথনি, নিৰাপত্তাৰ ত্ৰুটি আৰু বিদেশী সেৱাৰ ওপৰত নিৰ্ভৰশীলতা।
ICRAৰ এক প্ৰতিবেদন অনুসৰি, অহা বিত্তীয় বৰ্ষত দেশৰ বিমান পৰিবহণৰ শুদ্ধ লোকচান হ’ব পাৰে ২০০০-৩০০০ কোটি টকা। ভাৰতৰ ১.৪ বিলিয়ন জনসংখ্যাৰ বাবে কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা বহুত কম।
বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হোৱাৰ পিছতো ভাৰতত মাত্ৰ ১৪৯টা বিমানবন্দৰ আছে। বহুতো Tier 2 আৰু Tier 3 চহৰত এতিয়াও বিমানবন্দৰ নাই। যিবোৰত বিমানবন্দৰ আছে সেইবোৰ পুৰণি।