কেৱল গম্ভীৰেই নহয়, আজি জন্মদিন পালন কৰিছে ক্ৰিকেট বিশ্বৰ এইকেইগৰাকী তাৰকায়ো | Cricketerr birthday on 14 October Gautam Gambhir Glenn Maxwell Shan Masood Assam news - Assam Tv9

কেৱল গম্ভীৰেই নহয়, আজি জন্মদিন পালন কৰিছে ক্ৰিকেট বিশ্বৰ এইকেইগৰাকী তাৰকায়ো

Published: 

14 Oct 2024 22:56 PM

আজি ৪২ তম জন্মদিন পালন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ ভাৰতীয় দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰে। খেলুৱৈ হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ বহু যুঁজৰ নায়ক ৰূপে পৰিগণিত হোৱা গম্ভীৰে এতিয়া প্ৰশিক্ষক হিচাপে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ দায়িত্ব বহন কৰিছে। গম্ভীৰৰ লগতে আজি ক্ৰিকেট বিশ্বৰ আনকেইগৰাকীমান তাৰকায়ো পালন কৰিছে জন্মদিন। ইয়াৰে এগৰাকী তাৰকাই নিজ দেশক বিশ্বকাপ জয়ত লৈছিল বিশেষ ভূমিকা।

1 / 5তিলকৰত্নে

তিলকৰত্নে দিলচানঃ শ্ৰীলংকা ক্ৰিকেটৰ শ্ৰেষ্ঠতম খেলুৱৈৰ তালিকাত নিঃসন্দেহে নাম সংযোগ ঘটিব দলটোৰ প্ৰাক্তন তাৰকা তিলকৰত্নে দিনচানৰ। টেষ্টত ৫৪৯২ ৰান, এদিনীয়াত ১০২৯০ ৰান আৰু টি-২০ত ১৮৮৯ ৰান আছে দিলচানৰ নামত। তদুপৰি টেষ্টত ৩৯, এদিনীয়াত ১০৬ আৰু টি-২০ত ৯টা উইকেট দখল কৰিছিল দিলচানে। ১৯৭৬ চনৰ ১৪ অক্টোবৰত তেওঁৰ জন্ম হৈছিল।

2 / 5

ছঈদ আজমলঃ পাকিস্তান প্ৰাক্তন ক্ৰিকেটাৰ ছঈদ আজমলৰ জন্ম হৈছিল ১৯৭৭ চনত। এক বিশেষ বলিং একচনেৰে বেটাৰক সততে সমস্যাত পেলোৱা আজমলে নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৭৮টা টেষ্ট উইকেট, ১৮৪টা এদিনীয়া উইকেট আৰু ৮৫টা টি-২০ উইকেট দখল কৰিছিল।

3 / 5

এষ্টন এগাৰঃ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ বৰ্তমানৰ সদস্য এষ্টন এগাৰে আজি পালন কৰিছে ৩১তম জন্মদিন। ১৯৯৩ চনত জন্ম হোৱা এগাৰে এইপৰ্যন্ত অষ্ট্ৰেলিয়াৰ হৈ টেষ্টত ৯, এদিনীয়াত ২১ আৰু টি-২০ত ৪৯টা উইকেট দখল কৰিছে। ২০২১ চনৰ টি-২০ বিশ্বকাপজয়ী অষ্ট্ৰেলিয়া দলটোৰ সদস্য এগাৰে অৱশ্যে এইপৰ্যন্ত জাতীয় দলত নিজৰ স্থান নিগাজী কৰিবলৈ সক্ষম হোৱা নাই।

4 / 5

ছান মাছুদঃ শেহতীয়া সময়ছোৱাত দাঙি ধৰা প্ৰদৰ্শনৰ বাবে সম্প্ৰতি তীব্ৰ নিন্দাৰ সন্মুখীন হৈছে পাকিস্তান ক্ৰিকেট দল। তথাপি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে টেষ্ট ফৰ্মেটত ছান মাছুদৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁকে দলৰ অধিনায়ক হিচাপে দায়িত্বত বৰ্তাই ৰাখিছে। এইপৰ্যন্ত ৩৬ খন টেষ্টত ৫টা শতক আৰু ১০টা অৰ্ধশতকেৰে মাছুদে সংগ্ৰহ কৰিছে ২০৪৫ ৰান। পাকিস্তানৰ টেষ্ট দলৰ অধিনায়ক মাছুদৰ জন্ম হৈছিল ১৯৮৯ চনত।

5 / 5

গ্লেন মেক্সৱেলঃ সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম আক্ৰমণাত্মক বেটাৰৰ নাম উল্লেখ কৰিলে নিশ্চিতভাৱে থাকিব মেক্সেৱেলৰ নাম। বিশেষকৈ বিগত বৰ্ষত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত আফগানিস্তানৰ বিপক্ষে মেক্সৱেলৰ সেই মাৰমুখী দ্বিশতকীয় ইনিংছটো কোনে পাহৰিব পাৰে। এগৰাকী হাৰ্ড হিটাৰ বেটাৰৰ লগতে নিৰ্ভৰযোগ্য স্পিনাৰ হিচাপে সীমিত অভাৰৰ ক্ৰিকেটত অষ্ট্ৰেলিয়া দলৰ গুৰুত্বপূৰ্ণ সদস্য মেক্সৱেল। ১৯৮৮ চনত জন্মগ্ৰহণ কৰা মেক্সৱেলে আজি পালন কৰিছে ৩৬তম জন্মদিন।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!