Cyclone Dana update: ঘূৰ্ণিবতাহ 'ডানা'ৰ বাবে পশ্চিমবংগত সতৰ্কবাণী, অসমতো পৰিছে প্ৰভাৱ! | cyclone dana landfall odisha west bengal heavy rainfall thunderstorm imd issues alert in assam Assam news - Assam Tv9

Cyclone Dana update: ঘূৰ্ণিবতাহ ‘ডানা’ৰ বাবে পশ্চিমবংগত সতৰ্কবাণী, অসমতো পৰিছে প্ৰভাৱ!

Updated On: 

25 Oct 2024 10:44 AM

গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। কেইবাখনো জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ডানাৰ প্ৰভাৱত ৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা। গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ২৬ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ।

1 / 5মাজনিশা

মাজনিশা ১১০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ উপকূলত খুন্দা মাৰে ডানাই। কলকাতা আৰু ভূৱনেশ্বৰত বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰ। ১৫ ঘণ্টাৰ বাবে বন্ধ বিমান সেৱা।

2 / 5

পশ্চিমবংগ, ওড়িশাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। ২৭ অক্টোবৰ পৰ্যন্ত সকলো বন্ধ থাকিব শিক্ষানুষ্ঠান-কাৰ্যালয় । লাখ লাখ লোকক স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰলৈ। আজি বিয়লিৰ ভিতৰত ডানাৰ প্ৰভাৱ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। পশ্চিমবংগত বাতিল কৰা হৈছে ৪০০ ৰে’লৰ চলাচল।

3 / 5

অসমতো পৰিছে সাগৰীয় ঘূৰ্ণি 'ডানা'ৰ প্ৰভাৱ। ২৬ অক্টোবৰলৈ অসমত থাকিব বৰষুণ। ২৭ অক্টোবৰৰ পুৱা পৰিব কুঁৱলি।

4 / 5

গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। কেইবাখনো জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ডানাৰ প্ৰভাৱত ৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে তাপমাত্ৰা। গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ২৬ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ২২ ডিগ্ৰী চেলচিয়াছ।

5 / 5

বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণিবতাহ ডানাৰ ফলত অসমসহ ৭খন ৰাজ্যত বিশেষ সতৰ্কতা৷ অসমৰ ১৪খন জিলাত YELLOW এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ৷

ধনতেৰাচত কি কি বস্তু ক্ৰয় কৰিব নালাগে?
স্বাস্থ্যৰ বাবে পৰম উপকাৰী মগু দাইলৰ উৎপত্তি ক’ত হৈছিল জানেনে?
Blackbuck: ভাৰতৰ ক’ত পোৱা যায় ক’লা হৰিণ?
সৰিয়হৰ শাকত কি কি ভিটামিন থাকে?