ডবাৰ বিশ্ব চেম্পিয়ন গুকেছলৈ মুখ্যমন্ত্ৰীৰ পুৰস্কাৰঃ লাভ কৰিব ৫ কোটি টকা | D Gukesh to get 5 crore cash prize for winning World Chess Championship Tamil Nadu CM Stalin Assam news - Assam Tv9

ডবাৰ বিশ্ব চেম্পিয়ন গুকেছলৈ মুখ্যমন্ত্ৰীৰ পুৰস্কাৰঃ লাভ কৰিব ৫ কোটি টকা

Published: 

13 Dec 2024 22:50 PM

বৃ্হস্পতিবাৰে ছিংগাপুৰত অনুষ্ঠিত হোৱা বিশ্ব ডবা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জন কৰে ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেছে। এইদৰে বিশ্বনাথন আনন্দৰ পিছত ডবাত বিশ্ব চেম্পিয়ন হোৱা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় খেলুৱৈগৰাকী। লগতে সৰ্বকালৰ সৰ্বকনিষ্ঠ ডবা বিশ্ব চেম্পিয়ন হিচাপেও তেওঁ ইতিহাস ৰচে। এই কৃতিত্বৰ বাবে এতিয়া চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিছে গুকেছে।

1 / 5ডবাৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি বৃ্হস্পতিবাৰে বিশ্ব ডবা চেম্পিয়নশ্বিপ জয় কৰে ভাৰতৰ ডি গুকেছে। মাত্ৰ ১৮ বৰ্ষীয় যুৱ গ্ৰেণ্ডমাষ্টাৰ গুকেছে ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা চীনৰ ডিং লিৰেনক কঠিন প্ৰতিদ্বন্দিতাৰ অন্তত পৰাস্ত কৰি ডবা বিশ্ব চেম্পিয়নশ্বিপ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।

ডবাৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি বৃ্হস্পতিবাৰে বিশ্ব ডবা চেম্পিয়নশ্বিপ জয় কৰে ভাৰতৰ ডি গুকেছে। মাত্ৰ ১৮ বৰ্ষীয় যুৱ গ্ৰেণ্ডমাষ্টাৰ গুকেছে ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা চীনৰ ডিং লিৰেনক কঠিন প্ৰতিদ্বন্দিতাৰ অন্তত পৰাস্ত কৰি ডবা বিশ্ব চেম্পিয়নশ্বিপ সৰ্বকালৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।

2 / 5

এই ঐতিহাসিক সফলতা লাভ কৰাৰ পিছত সৰ্বত্ৰে প্ৰশংসিত হৈছে গুকেছ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আৰম্ভ কৰি সকলোৱে অভিনন্দন জনায় খেলুৱৈগৰাকীক। গুকেছৰ গৃ্হ ৰাজ্য তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও ডি গুকেছেক অভিনন্দন জনাই সমগ্ৰ ৰাজ্যই তেওঁক লৈ গৌৰৱ কৰা বুলি সুখ প্ৰকাশ কৰিছিল।

3 / 5

কেৱল অভিনন্দন জনোৱাই নহয়, মুখ্যমন্ত্ৰী ষ্টালিনে লগতে গুকেছৰ বাবে আৰ্থিক পুৰস্কাৰো ঘোষণা কৰিছে। গুকেছৰ বাবে ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে তামিলনাডু ৰাজ্য চৰকাৰে। ভৱিষ্যতেও গুকেছক এনে মহান প্ৰদৰ্শনৰ কামনা কৰে মুখ্যমন্ত্ৰী ষ্টালিনে।

4 / 5

এক টুইট যোগে এই ঘোষণা কৰি মুখ্যমন্ত্ৰী ষ্টালিনে সৰ্বকনিষ্ঠ বিশ্ব ডবা চেম্পিয়ন হিচাপে ঐতিহাসিক কৃতিত্ব লাভ কৰা ডি গুকেছক সন্মান জনাই ৫ কোটি টকা নগদ পুৰস্কাৰ ঘোষণা কৰি আনন্দিত হোৱা বুলি উল্লেখ কৰে। তেওঁৰ এই ঐতিহাসিক বিজয়ে দেশলৈ অসীম গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনিছে বুলি লগতে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

5 / 5

ইয়াৰ পূৰ্বেও গুকেছে তামিলনাডু চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিছিল। ডবা অলিম্পিয়াডত স্বৰ্ণ পদক লাভ কৰাৰ বাবে খেলুৱৈগৰাকীক পুৰস্কৃত কৰিছিল ৰাজ্য চৰকাৰে। এই প্ৰতিযোগিতাত গুকেছে দলীয় ইভেণ্টৰ লগতে ব্যক্তিগত স্বৰ্ণ পদকো লাভ কৰিছিল।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে