5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দিল্লীত উজলিল অসমীয়া শিপিনীৰ পাট কাপোৰ! সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধি ৰেম্পত দিলে খোজ সংগীতা বিজলানীয়ে

Sanjukta Dutta: নতুন দিল্লীত 'হেঁপাহ...দ্যা ডিজায়াৰ', অসমীয়া শিপিনীৰ পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰেৰে সংযুক্তা দত্তৰ নতুন ফেচনৰ চমক৷ লেকমে’ ফেশ্বন উইক ২০২৪ত ‘হেঁপাহ..দ্যা ডিজায়াৰ’। অসমীয়া শিপিনীৰ পাট কাপোৰ উজলিল সংযুক্তা দত্তৰ অসমীয়া পৰম্পৰা সংপৃক্ত আধুনিক ডিজাইনত ৷ পাটৰ কাপোৰ পিন্ধি সংগীতা বিজলানীয়ে ৰেম্পত দিলে খোজ৷

trishna-kalita
Trishna Kalita | Published: 13 Oct 2024 23:28 PM
ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘The Lakmé Fashion Week 2024’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ৷  আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত নিজৰ স্থান উলিয়াই ল’বলৈ ইতিমধ্যেই সক্ষম হোৱা অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই আকৌ এবাৰ লেকমে’ ফেশ্বন উইকত দেখুৱালে নিজৰ ডিজাইনৰ অসম পাটৰ বস্ত্ৰ সমাহাৰৰ চমক।

1 / 5
ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা লেকমে ফেশ্বন উইক, ২০২৪ত তেওঁৰ শেহতীয়া ডিজাইনৰ চমকপদ বস্ত্ৰ সম্ভাৰৰ সংকলন "হেঁপাহ... দ্য ডিজায়াৰ"ৰ জৰিয়তে এক সকলোকে মুগ্ধ কৰি তোলে ৷

2 / 5
সংযুক্তা দত্তই ডিজাইন কৰা ফেশ্বনৰ আটকধুনীয়া বস্ত্ৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বলীউডৰ অভিনেত্ৰী তথা ভাৰতীয় মডেলিং জগতৰ তাৰকা সংগীতা বিজলানীয়ে ।  এইবাৰৰ পাটৰ বস্ত্ৰ সম্ভাৰৰ ডিজাইন কৰোতে সংযুক্তা দত্তই অতি সুক্ষ্ম অথচ শক্তিশালী ৰঙৰ বৈচিত্ৰৰে সংযত অথচ স্থায়ী ৰূপে ৰাখিব পৰা হেঁপাহটোৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ।

3 / 5
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভায়’লীনবাদক অসমৰে জীয়াৰী সুনীতা ভূঞাই ভায়’লীনৰ মনোমোহা লাইভ প্ৰদৰ্শনেৰে সংযুক্তা দত্তৰ "হেঁপাহ.. দ্য ডিজায়াৰ" শ্ব'টোত অধিক প্ৰাণ সঞ্চাৰ কৰে।

4 / 5
হেঁপাহ… দ্যা ডিজায়াৰ’ৰ বস্ত্ৰ সম্ভাৰৰ জৰিয়তে লেকমে’ ফেশ্বন শ্ব’ত এক কলাত্মক প্ৰকাশভংগীৰে দাঙি ধৰিলে সংযুক্তাই। সমসাময়িক বিশ্বৰ ফেশ্বন সংবেদনশীলতাৰ সৈতে পৰম্পৰাগতভাৱে হাতেৰে বোৱা অসমীয়া পাট কাপোৰৰ সমাহাৰ ঘটাইছে ‘হেঁপাহ’ নামৰ এই বস্ত্ৰ সম্ভাৰটোত।

5 / 5
Latest Stories