ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘The Lakmé Fashion Week 2024’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ৷ আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত নিজৰ স্থান উলিয়াই ল’বলৈ ইতিমধ্যেই সক্ষম হোৱা অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই আকৌ এবাৰ লেকমে’ ফেশ্বন উইকত দেখুৱালে নিজৰ ডিজাইনৰ অসম পাটৰ বস্ত্ৰ সমাহাৰৰ চমক।