অভিলেখ! উইকেটৰক্ষক হিচাপে IPL ত ২০০ টা উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ ধোনী... | dhoni create history he is the 1st to complete 200 dismissals in ipl history Assam news - Assam Tv9

অভিলেখ! উইকেটৰক্ষক হিচাপে IPL ত ২০০ টা উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ ধোনী…

Published: 

16 Apr 2025 17:14 PM

পুনৰ এক ৰেকৰ্ড গঢ়িলে মহেন্দ্ৰ সিং ধোনীয়ে। আই পি এলত খেলুৱৈগৰাকীয়ে CSK ৰ হৈ খেলে। সোমবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে খেলা মেচত এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় তেওঁ। উইকেটৰক্ষক হিচাপে ২০০ টা ডিছমিছল সম্পূৰ্ণ ধোনীৰ।

1 / 5ক্ৰিকেট জগতৰ এটি জনপ্ৰিয় আৰু বহু চৰ্চিত নাম মহেন্দ্ৰ সিং ধোনী। কেপ্তেইন কুল খ্যাত ধোনীয়ে ক্ৰিকেট জগতত ইতিমধ্যে কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে। এইবাৰ পুনৰ এক ৰেকৰ্ড ভংগ কৰে ধোনীয়ে।

ক্ৰিকেট জগতৰ এটি জনপ্ৰিয় আৰু বহু চৰ্চিত নাম মহেন্দ্ৰ সিং ধোনী। কেপ্তেইন কুল খ্যাত ধোনীয়ে ক্ৰিকেট জগতত ইতিমধ্যে কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে। এইবাৰ পুনৰ এক ৰেকৰ্ড ভংগ কৰে ধোনীয়ে।

2 / 5

আই পি এল (IPL)ত ধোনীয়ে চি এচ কে (CSK) ৰ হৈ খেলে। ২০২৫ ৰ আই পি এলত দলটোৰ প্ৰদৰ্শন ভাল নহয় যদিও সোমবাৰে ধোনী অধিনায়কত্বত প্ৰথমটো জয় লাভ কৰে। লক্ষ্ণৌ চুপাৰ জয়েন্টছক বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ এই মেচখনতে এক ৰেকৰ্ড ভংগ কৰে খেলুৱৈগৰাকীয়ে।

3 / 5

ধোনীয়ে লক্ষ্ণৌৰ খেলুলৈ আয়ুশ বডোনীক ষ্টাম্প আউট কৰে। ইয়াৰ লগে লগে আই পি এলত ২০০ খেলুৱৈক আউট কৰা প্ৰথমজন উইকেট কিপাৰ হয় ধোনীয়। ধোনীৰ পূৰ্বে উইকেট কিপাৰে আই পি এলত ইমান সংখ্যক আউট লোৱা নাছিল।

4 / 5

ধোনীয়ে উইকেট কিপাৰ হিচাপে ২০১ গৰাকী খেলুৱৈৰ আউট কৰে। এই তালিকাত দ্বিতীয় স্থানত আছে দীনেশ কাৰ্তিক। তেওঁ ১৮২ জন খেলুৱৈক আউট কৰিছে।

5 / 5

উল্লেখ্য যে, ধোনীয়ে এতিয়ালৈকে আই পি এলত ২৭০ খন মেচত ৩৮৮৩ ৰান কৰিছে। গতিকে বিভিন্ন ৰেকৰ্ড ভংগ কৰাৰ মাজতে ধোনীয়ে ২০০ ডিচমিছেল সম্পূৰ্ণ কৰে। ই নিশ্চয়কৈ ক্ৰিকেটপ্ৰেমী সকলৰ বাবে ভাল খবৰ।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট