Diwali 2024: ৩১ অক্টোবৰ নে ১ নৱেম্বৰ? কেতিয়া পালন কৰা হ'ব দিপাৱলী, জানক সঠিক তাৰিখ আৰু সময়... | Diwali 2024 date and time significance 31 or 1 November know the real date in assamese Assam news - Assam Tv9

Diwali 2024: ৩১ অক্টোবৰ নে ১ নৱেম্বৰ? কেতিয়া পালন কৰা হ’ব দিপাৱলী, জানক সঠিক তাৰিখ আৰু সময়…

Published: 

21 Oct 2024 11:25 AM

Diwali 2024 date: আহি আছে পোহৰৰ উৎসৱ দেৱালী বা দিপাৱলী। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ তিথিত সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়। চলিত বৰ্ষত কেতিয়া পালন কৰা হ'ব এই উৎসৱ ইয়াৰ বিষয়ে জনালে এগৰাকী জ্যোতিষীয়ে।

1 / 5পোহৰৰ

পোহৰৰ উৎসৱ দিপাৱলী। প্ৰতিবছৰে এই উৎসৱ অতি উলহ- মালহেৰে পালন কৰা হয়। এই দিনটোত সকলোৰে ঘৰ মাটিৰ চাকি, বিভিন্ন ৰঙী লাইটৰ পোহৰৰে আলোকিত হৈ থাকে। চলিত বৰ্ষত দিপাৱলীৰ তাৰিখ সন্দৰ্ভত মানুহৰ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত জ্যোতিষী তথা টেৰ'ট কাৰ্ড ৰিডাৰ ড° অৰুনেশ কুমাৰ শৰ্মাই জনাইছে সঠিক তাৰিখ।

2 / 5

জ্যোতিষী ড° অৰুনেশ কুমাৰ শৰ্মাৰ মতে, অমৱস্যা তিথি হ'ব ৩১ অক্টোবৰ। দেৱালীৰ সঠিক তাৰিখ গ্ৰহৰ প্ৰভাৱৰ পৰা জানিব পাৰি। যিদিনা সূৰ্য তুলা ৰাশিৰ তলত থাকে আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত থাকে বা ওচৰত থাকে, তেতিয়া এই দুটা গ্ৰহৰ দুৰ্বল অৱস্থানৰ বাবে দীপাৱলীৰ নিশাটো অন্ধকাৰ হৈ থাকে। সেয়ে এই দিনটোত সকলোৱে দেৱালী পালন কৰে।

3 / 5

সূৰ্য্য আৰু চন্দ্ৰৰ আটাইতকৈ দুৰ্বল অৱস্থানে ইংগিত দিয়ে যে ১ নৱেম্বৰত ঘোৰ অন্ধকাৰ হ'ব। যাৰ বাবে মহাদশাৰ হিচাপত ১ নৱেম্বৰত দিপাৱলী উদযাপন কৰা শুভ হ'ব। তথ্য অনুসৰি কাতি মাহৰ অমাৱস্যা তিথি ৩১ অক্টোবৰৰ বিয়লি ৩:৫২ বজাৰ পৰা আৰম্ভ হ'ব আৰু ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৮ বজাত শেষ হ'ব। মা লক্ষ্মী পূজাৰ শুভ সময় ১ নৱেম্বৰৰ সন্ধিয়া ৫:৩৬ বজাৰ পৰা সন্ধিয়া ৬:১৬ বজালৈ। এনে পৰিস্থিতিত ২০২৪ চনৰ ১ নৱেম্বৰতহে দীপাৱলী পালন কৰা হ’ব।

4 / 5

দেৱালী বহুতে দুদিনীয়াকৈ পালন কৰে। এনে পৰিস্থিতিত ধনেৰাছ ২৯ অক্টোবৰ, সৰু দীপাৱলী অৰ্থাৎ নৰক চতুৰ্দশী ৩১ অক্টোবৰ, দীপাৱলী ১ নৱেম্বৰ, ২ নৱেম্বৰত গোবৰ্ধন পূজা আৰু ৩ নৱেম্বৰত ভাইয়া দূজ পালন কৰা হ'ব । গতিকে ১ নৱেম্বৰত দেশবাসীয়ে পালন কৰিব দিপাৱলী।

5 / 5

দেৱালীৰ মহত্ব অধিক। পৌৰাণিক কথা অনুসৰি, ৰাম অযোধ্যালৈ ঘূৰি অহা আৰু ৰাৱনৰ বিৰুদ্ধে জয়ৰ উৎসৱ হিচাপে দিপাৱলী পালন কৰা হয়। কোৱা হয়, ৰাৱনক পৰাজয় কৰি যেতিয়া ৰাম অযোধ্যালৈ ঘূৰি আহিছিল তেতিয়া অযোধ্যাবাসীয়ে তেওঁক আদৰিবলৈ আৰু উদযাপন কৰিবলৈ দীপ জ্বলাই সমগ্ৰ নগৰখন সজাইছিল। এই উৎসৱে আমাক শিকাই যে আন্ধাৰ সদায় সাময়িক আৰু পোহৰ সদায় বিজয়ী ।দীপাৱলীৰ উৎসৱে আমাক জ্ঞানৰ পোহৰ লাভ কৰাৰ বাৰ্তা দিয়ে। এই উৎসৱে আমাক শিকাই যে আমি জ্ঞানৰ পোহৰত আমাৰ ভিতৰত থকা অন্ধকাৰৰ কু-অমংগলবোৰ নাইকিয়া কৰিব লাগে।

শৰীৰত কেনেকৈ হয় কৰ্কট ৰোগৰ আৰম্ভণি...
নিউজিলেণ্ড শৃংখলাৰ পৰা বাহিৰ হ’ব নেকি ঋষভ পণ্ট! ৰোহিত শৰ্মাই দিলে এনে ইংগিত
ঘৰৰ এই দিশত নাৰাখিব ঝাড়ু, জুৰুলা কৰিব আৰ্থিক সমস্যাই
এই ৪ ৰাশিৰ যুৱকে কেতিয়াও নকৰে বিশ্বাসঘাটকতা, সদায় পত্নীক ৰাখে সুখত...