দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ ভাল খবৰ! কিয়নো ৰাজ্যৰ অধিকাংশ পূজা সমিতিলৈ অসম চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহক ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আহবঢ়াব। এই অনুসৰি এই ধন প্ৰদান কৰিছে।
ইতিমধ্যে ৰাজ্যৰ একাংশ সমিতিয়ে লাভ কৰিছে ধন। কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ খন পূজা সমিতিক চেক প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ লগতে ৰাজ্যৰ কেইবাখন পূজা সমিতিলৈ ধন প্ৰদান কৰা হৈছে।
দুৰ্গা পূজা
উল্লেখ্য যে, যোৱা কেইটামান দিনত বিজেপি চৰকাৰক কটাক্ষ কৰি আহিছে বিৰোধী তথা একাংশই। তেওঁলোকে দাবী কৰিছে যে ঋণৰ বোজা লৈ আছে অসম চৰকাৰে। অৱশ্যে এই দাবী মানি লোৱা নাছিল অসম চৰকাৰৰ কোনো মন্ত্ৰীয়ে। তাৰ মাজতে এই আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে চৰকাৰে।