শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি পুৱাই ভূমিকম্পই জোকাৰি যায় অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৭.১

Earthquake in assam: আজি পুৱাই ভূমিকম্পই জোকাৰি গ'ল অসম। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত মঙলবাৰে পুৱা ভূমিকম্পৰ জোকাৰণি অনুুভূত হয়।

barasha-sarma
Barasha Sarma | Updated On: 07 Jan 2025 08:04 AM
মঙলবাৰে পুৱাই ভূমিকম্পই জোকাৰি যায় অসম। খবৰ অনুসৰি নেপালৰ সীমাত ৭.১ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়। যাৰ প্ৰভাৱ দেশৰ বিভিন্ন প্ৰান্তত পৰে।  অসমৰো বিভিন্ন স্থানত ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়।

1 / 5
জানিব পৰা মতে, পুৱা  ৬ বাজি ৩৫ মিনিটত এই ভূমিকম্প আহে। নেশ্যনেল চেন্টাৰ ফৰ চেচিমলোজিৰ মতে, নেপাল-তিব্বত সীমান্তৰ সমীপৰ জিজাঙত পুৱা ৬:৩৫ বজাত প্ৰথমটো ৭.১ প্ৰাবল্যৰ ভূমিকম্প হয়।  তাৰ পৰৱৰ্তী সময়ত একে অঞ্চলৰ পৰাই ৪.৭ আৰু ৪.৯ প্ৰাৱল্যৰ দুটা আফটাৰশ্বকৰ ৰিপোৰ্ট পোৱা যায়।

2 / 5
অৱশ্যে বৰ্তমান সময়লৈকে অসম বা দেশৰ কোনো স্থানৰ পৰা কোনো ক্ষয়- ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই। অসমৰ গুৱাহাটী, নলবাৰী, বৰপেটা, মৰিগাঁও, নগাঁও আদি স্থানৰ লগতে বিভিন্ন ঠাইত বহু লোক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে।  এই ভূমিকম্পৰ প্ৰভাৱ বাংলাদেশ, নেপাল, ভুটান আৰু চীনতো পৰে।

3 / 5
প্ৰাৱল্যৰ ফালৰ পৰা চাবলৈ গ'লে ০ৰ পৰা ১.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প কেৱল ছিছমোগ্ৰাফৰ জৰিয়তেহে ধৰা পেলাব পাৰি। ২ৰ পৰা ২.৯ ৰিখটাৰ স্কেলত ভূমিকম্প হ’লে মৃদু কম্পন হয়। ইয়াৰোপৰি বিভিন্ন ধৰণৰ প্ৰাৱল্যত বিভিন্ন ধৰণৰ কম্পন অনুভৱ হয়।

4 / 5
৭ৰ পৰা ৭.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প হ’লে অট্টালিকা ভাঙি যায়। কেতিয়াবা  মাটিৰ তলত পাইপ ফাটি গ’ল।৮ৰ পৰা ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হ’লে অট্টালিকা আনকি ডাঙৰ দলংও ভাঙি যায়। ৯ বা তাতকৈ অধিক ৰিখটাৰ স্কেলত যদি ভূমিকম্প হয় তেন্তে সম্পূৰ্ণ ধ্বংস হৈ যাব পাৰে বুলি ক'ব পাৰি।

5 / 5
Latest Stories