পুনৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত। সন্ধিয়া ৮.৫৭ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। কালিৰ দিনটোতো ৰাজ্যত হৈছিল ভূমিকম্প।
অসমৰ গুৱাহাটী, শিলচৰ, গোৱালপাৰা,হাইলাকান্দি, হোজাই,নগাঁও, মৰিগাঁও, যোৰহাট আদি স্থানৰ লগতে বিভিন্ন ঠাইত বহু লোক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে। মেঘালয়তো অনুভূত হৈছে জোকাৰণি।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৫। তথ্য অনুসৰি ভূমিকম্পৰ উৎপত্তি স্থল মণিপুৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে।
ভাৰত আৰু চুবুৰীয়া বাংলাদেশতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। অৱশ্যে বৰ্তমান সময়লৈকে অসম বা দেশৰ কোনো স্থানৰ পৰা কোনো ক্ষয়- ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই।
ভাৰতৰ উত্তৰ পূব অঞ্চলটো ভূমিকম্প প্ৰৱল অঞ্চল । সেয়েহে এই অঞ্চলটোত সঘনাই ভূমিকম্প অনুভূত হৈ থাকে। কিছুদিন পূৰ্বে অসমত অনুভূত হৈছিল ভূমিকম্পৰ জোকৰণি।