শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শৰীৰৰ ‘বন্ধু’ কল হ’ব পাৰে ক্ষতিৰো কাৰণ! জানেনে এই বিষয়ে?

কলে আমাৰ দেহৰ অনন্য উপকাৰ সাধন কৰে। দেহৰ বাবে উপকাৰী বহু পুষ্টিকৰ উপাদান কলত যথেষ্ট পৰিমাণে উপলব্ধ। পিছে যিমানেই উপকাৰী নহ’লেও অতিমাত্ৰা সকলোৰে বেয়া। কলৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। কল খোৱাৰ বাবেও হ’ব পাৰে বহু শাৰীৰিক সমস্যা। চাওঁ আহক এই বিষয়ে।

monjit-dutta
Monjit Dutta | Published: 16 Jan 2025 13:34 PM
‘কল খালে গাত হয় হাতীৰ সমান বল’- অসমৰ প্ৰজন্মৰ পিছত প্ৰজন্মই প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিত পঢ়ি আহিছে এই কল বিষয়ক জনপ্ৰিয় কবিতাৰ শাৰীটো। এই বাক্যশাৰীৰ দৰেই কলে আমাৰ দেহৰ অনন্য উপকাৰ সাধন কৰে। এই শক্তিবৰ্ধক ফলবিধত দেহৰ বাবে উপকাৰী বহু পুষ্টিকৰ উপাদান যথেষ্ট পৰিমাণে উপলব্ধ। কলৰ এনে উপকাৰী গুণৰ বাবে দৈনিক কল খোৱাৰ পৰামৰ্শ দিয়া দেখা যায়।

1 / 5
পুৱাৰ ব্ৰেকফাষ্টতো সেয়ে অধিকাংশ লোকে কল খোৱা দেখা যায়। ভিটামিন চি, পটাছিয়াম আদি যৌগৰে সমৃদ্ধ কলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকৰ বাবেও কল যথেষ্ট উপকাৰী। পিছে যিমানেই উপকাৰী নহ’লেও অতিমাত্ৰা সকলোৰে বেয়া। কলৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। কল খোৱাৰ বাবেও হ’ব পাৰে বহু শাৰীৰিক সমস্যা।

2 / 5
ফল-মূলৰ ভিতৰত কলক ‘গ্লাইচেমিক ইনডেক্স’ত শীৰ্ষৰ ফালে স্থান দিয়া হৈছে। কলত চেনিৰ পৰিমাণ ইমানেই বেছি যে প্ৰতিদিনে অধিক পৰিমাণৰ কল খালে তেজত চেনিৰ পৰিমাণ বৃদ্ধি পাব পাৰে। সেয়ে ডায়েবেটিছ ৰোগীক দৈনিক কল নাখাবলৈ পৰামৰ্শ দিয়া হৈছে।

3 / 5
কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু ই চৰ্বি হ্ৰাস কৰাত সহায় কৰে। কিন্তু যদি আপুনি বেছিকৈ কল খাবলৈ আৰম্ভ কৰে তেন্তে শৰীৰত ফাইবাৰৰ মাত্ৰা বৃদ্ধি পাব। তেতিয়া ওজন কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব। কলত চেনিও প্ৰচুৰ পৰিমাণে পোৱা যায়। গতিকে বেছিকৈ খালে পেটকে ধৰি দেহৰ আন কিছুমান অংশৰ চৰ্বি বৃদ্ধি হোৱাটো নিশ্চিত।

4 / 5
কলত টাইৰামাইন নামৰ এবিধ যৌগ থাকে। এই যৌগ দেহত অতিৰিক্তভাৱে থাকিলে মাইগ্ৰেইন সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে যিসকল লোক পূৰ্বৰে পৰা এই মাইগ্ৰেইন সমস্যাত আক্ৰান্ত, তেওঁলোকে পৰাপক্ষত কল খোৱাৰ ক্ষেত্ৰত কিছু সাৱধান হোৱা উচিত।

5 / 5
Latest Stories