মহৌষধি আমলখি হ’ব পাৰে দেহৰ ক্ষতিৰো কাৰণ! জানেনে এই বিষয়ে? | Eating too much Amla can also be harmful to the body Assam news - Assam Tv9

মহৌষধি আমলখি হ’ব পাৰে দেহৰ ক্ষতিৰো কাৰণ! জানেনে এই বিষয়ে?

Published: 

26 Jan 2025 21:31 PM

দেহৰ বাবে অত্যন্ত উপকাৰী আমলখি। এয়া আমি সকলোৱে জানো। কিন্তু মহৌষধি স্বৰূপ আমলখি কেতিয়াবা আমাৰ দেহৰ বাবে ক্ষতিৰো কাৰণ হ’ব পাৰে। এই বিষয়ে বিশেষজ্ঞসকলে কি কয় চাও আহক।

1 / 5আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই ক্ষুদ্ৰ ফলটিয়ে আমাৰ দেহক বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, সেয়ে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই ক্ষুদ্ৰ ফলটিয়ে আমাৰ দেহক বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, সেয়ে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

2 / 5

ছাল আৰু চুলিৰ যত্নৰ বাবেও আমলখি অত্যন্ত উপকাৰী। ইয়াত থকা এন্টিঅক্সিডেন্ট গুণে ছালখনক সুৰক্ষা দিয়াৰ লগতে উজ্জ্বল কৰি তোলে। লগতে আমলখিয়ে চুলিৰ শিপা মজবুত কৰে আৰু চুলি সৰা ৰোধ কৰে।

3 / 5

কিন্তু আমালখি অধিক পৰিমাণে খালে কিছুমান পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। প্ৰচুৰ পৰিমাণে আমলখি খালে স্বাভাৱিকৰ তুলনাত ৰক্তচাপ হ্ৰাস পাব পাৰে। তদুপৰি তেজত চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ কম হ’লে আমলখি খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে।

4 / 5

প্ৰচুৰ পৰিমাণে আমলখি খালে মল কঠিন হ’ব পাৰে। কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকে আমলখি খাব নালাগে। আমলখি অধিক পৰিমাণে খালে ডিহাইড্ৰেচনৰ সমস্যাও হ’ব পাৰে। গতিকে সঘনে প্ৰস্ৰাৱ কৰিবলগা অৱস্থা হ’ব পাৰে।

5 / 5

পেটৰ অসুখৰ সময়ত আমি প্ৰায়ে আমলখি খাওঁ। কিন্তু এইক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। পেটৰ সমস্যাৰ ক্ষেত্ৰত আমলখিয়ে উপকাৰতকৈ কেতিয়াবা অপকাৰহে কৰিব পাৰে। তদুপৰি বুকু জ্বলা-পোৰা কৰিলে বা এচিডিটিৰ সমস্যা থাকিলে পৰাপক্ষত আমলখি খাব নালাগে।

পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা?
যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু
ভাৰতৰ কোনখন চহৰত কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়, জানেনে?