5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাষা গৌৰৱ সপ্তাহে কিদৰে লাভ কৰিলে সঁহাৰি! তথ্য প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

যোৱা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত উদযাপন কৰা হ’ল ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছতে এই ঐতিহাসিক স্বীকৃতি উদযাপনৰ বাবে ৰাজ্যজুৰি ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। চৰকাৰৰ এই আহ্বানৰ প্ৰতি জনসাধাৰণে কিদৰে সঁহাৰি আগবঢ়ালে তাৰ তথ্য দাঙি ধৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

monjit-dutta
Monjit Dutta | Published: 11 Nov 2024 21:18 PM
যোৱা ৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই গৌৰৱান্বিত কৰি তুলিছিল ৰাজ্যবাসীক। এই ঐতিহাসিক স্বীকৃতি উদযাপনৰ বাবে অসম চৰকাৰে ভাষা গৌৰৱ সপ্তাহ কাৰ্যসূচীৰ ঘোষণা কৰিছিল।

1 / 5
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৩ অক্টোবৰত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছিল। এই ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশেষ সপ্তাহটোত চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰিছিল।

2 / 5
এই ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰীলৈ ১ লাখ নাগৰিকৰ দ্বাৰা কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ, প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশ কৰা ধ্ৰুপদী ভাষা বিষয়ক গ্ৰন্থ ‘ধ্ৰুপদী অসমীয়া’ নাগৰিকৰ মাজত বিতৰণ আৰু অসমৰ অন্যান্য ভাষাসমূহৰ বিকাশ আৰু বিৱৰ্তন সম্পৰ্কে আলোচনাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।

3 / 5
ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এক টুইট যোগে উল্লেখ কৰা মতে ৰাজ্যজুৰি ৩ৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে মুঠ ১,১৮,৭১৯খন সভা অনুষ্ঠিত কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি ধেমাজি জিলাত সৰ্বাধিক ১৩,৫৯০ খন সভা অনুষ্ঠিত হয়।

4 / 5
আনহাতে এই ভাষা গৌৰৱ সপ্তাহৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা কৃতজ্ঞতাসম্বলিত চিঠি মুঠ ২,৪১,৪৮০খন সংগৃহীত হয় বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিছে। তেওঁ লগতে ভাষা গৌৰৱ সপ্তাহ পালনেৰে অসমৰ ভাষাসমূহৰ সুৰক্ষা আৰু সংবৰ্ধনত অৰিহণা আগবঢ়োৱা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, সংস্থা-সংগঠন, শিক্ষানুষ্ঠান আৰু জিলা প্ৰশাসনলৈ ধন্যবাদ জনায়।

5 / 5
Latest Stories