অসমৰ পৰিৱেশ এতিয়া সলনি হৈছে। বিজেপিয়ে অসমৰ প্ৰতিখন গাঁওত উন্নতি সাধন কৰিছে। ৰাজ্যত ইতিমধ্যে ১লাখ নিযুক্তি সম্পূৰ্ণ হৈছে। আৰু ৫০হাজাৰ চাকৰি পাব অসমৰ যুৱক-যুৱতীয়ে। আনহাতে লাখকপতি বাইদেউসকলে পাব ১০ হাজাৰকৈ টকা। ৰেচন কাৰ্ড থকা সকলেও পাব অৰুণোদয় আঁচনি। ইয়াৰোপৰি চৰকাৰে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক দিব ১০হাজাৰকৈ টকা, লগতে স্নাতক নামভৰ্তি কৰাসকলক দিব ১২,৫০০টকা। আনহাতে স্নাতকোত্তৰত নামভৰ্তি কৰিলে পাব ২৫,০০০ টকা। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।