অহংকাৰী অসমীয়া... বিহুৰ বতৰত বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ বিশেষ ফেচবুক পোষ্ট | Eminent singer Mahendra Hazarika's Facebook post during Bihu season goes viral Assam news - Assam Tv9

Mahendra Hazarika : অহংকাৰী অসমীয়া… বিহুৰ বতৰত বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ বিশেষ ফেচবুক পোষ্ট

Published: 

16 Apr 2025 13:58 PM

Mahendra Hazarika Viral Post : পহিলা ব'হাগৰ দিনাই ছ'চিয়েল মিডিয়াত এক বিশেষ পোষ্ট দিলে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই। হঠাৎ দিয়া এই পোষ্টটোৰ পিছতে চৰ্চা আৰম্ভ কৰিছে সকলোৱে।

1 / 5আৰম্ভ হৈছে হেঁপাহৰ ৰঙালী বিহু। ঢোল আৰু পেঁপাৰ মাতত উখল মাখল সমগ্র ৰাজ্যৰ পৰিৱেশ। ৰঙালীৰ মঞ্চত ইখনৰ পিছত সিখন সংগীতানুষ্ঠানত ব্যস্ত সংগীতশিল্পীসকল ৷

আৰম্ভ হৈছে হেঁপাহৰ ৰঙালী বিহু। ঢোল আৰু পেঁপাৰ মাতত উখল মাখল সমগ্র ৰাজ্যৰ পৰিৱেশ। ৰঙালীৰ মঞ্চত ইখনৰ পিছত সিখন সংগীতানুষ্ঠানত ব্যস্ত সংগীতশিল্পীসকল ৷

2 / 5

পহিলা ব'হাগৰ দিনাই ছ'চিয়েল মিডিয়াত এক বিশেষ পোষ্ট দিলে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই। হঠাৎ দিয়া এই পোষ্টটোৰ পিছতে চৰ্চা আৰম্ভ কৰিছে সকলোৱে।

3 / 5

মহেন্দ্ৰ হাজৰিকাই লিখিছে- "অহংকাৰী অসমীয়া----- স্বাভিমানী অসমীয়া, নিজক হেৰুৱাই কাৰোবাৰ শৰণাপন্ন হোৱা অসমীয়া ইতিমধ্যে শেষ !"

4 / 5

ইয়াৰ পিছতে একাংশই তেওঁৰ পোষ্টত মন্তব্য দি কৈছে যে, দিনক দিনে খিলঞ্জীয়াৰ স্বাভিমান আৰু অস্তিত্ব হেৰুৱাবলৈ আৰু বেছি আগবাঢ়িছে । কিন্তু প্ৰকৃততে শিল্পীজনে কি ক'বলৈ বিচাৰিছে সেয়া সকলোৱে বুজি পোৱা নাই।

5 / 5

উল্লেখ্য যে, অসমৰ এজন স্বনামধন্য কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মন জয় কৰা শিল্পীগৰাকীৰ গীতৰ মায়াজালে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। প্ৰতিটো সময়তে শিল্পী গৰাকীয়ে ৰাইজৰ দুখ-দূদৰ্শাৰ সমভাগী হয়। নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ ভয় নকৰে মহেন্দ্ৰ হাজৰিকাই।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক