অভিনয় জগততকৈ সম্পূৰ্ণ পৃথক ইমৰাণ হাছমীৰ বাস্তৱ জীৱন! অভিনেতাগৰাকীৰ পত্নীৰ বিষয়ে জানেনে? | Emraan Hashmi Birthday: Bollywood actor emraan hashmi marriage wife Parveen Shahani personal life Assam news - Assam Tv9

Emraan Hashmi Birthday: অভিনয় জগততকৈ সম্পূৰ্ণ পৃথক ইমৰাণ হাছমীৰ বাস্তৱ জীৱন! অভিনেতাগৰাকীৰ পত্নীৰ বিষয়ে জানেনে?

Updated On: 

24 Mar 2025 09:20 AM

বলীউডৰ অভিনেতা ইমৰাণ হাছমী আৰু তেওঁৰ পত্নী পাৰবীন সাহনীয়ে লাইমলাইটৰ পৰা আঁতৰি থাকি ভাল পায়। পাৰবীন পেছাত এগৰাকী শিক্ষয়িত্ৰী। দুয়োৰে বিবাহৰ ১৮ বছৰ হ’ল যদিও তাৰ আগতে ৬-৭ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল।আজি ইমৰাণ হাছমীয়ে ৪৬ বছৰীয়া জন্মদিন উদযাপন কৰিছে।

1 / 7 বলীউডৰ ‘ছিৰিয়েল কিছাৰ’ ইমৰাণ হাছমীয়ে আজি ২৪ মাৰ্চত ৪৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত এতিয়ালৈকে বহু হিট ছবি দিয়াৰ লগতে অভিনয়ৰ দক্ষতাও প্ৰমাণ কৰিছে। কিন্তু বিগত কিছু সময়ৰ পৰা কন্টেন্ট ভিত্তিক ছবি আৰু ধাৰাবাহিকত কাম কৰা দেখা গৈছে অভিনেতাগৰাকী।

বলীউডৰ ‘ছিৰিয়েল কিছাৰ’ ইমৰাণ হাছমীয়ে আজি ২৪ মাৰ্চত ৪৬ সংখ্যক জন্মদিন উদযাপন কৰিছে। অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত এতিয়ালৈকে বহু হিট ছবি দিয়াৰ লগতে অভিনয়ৰ দক্ষতাও প্ৰমাণ কৰিছে। কিন্তু বিগত কিছু সময়ৰ পৰা কন্টেন্ট ভিত্তিক ছবি আৰু ধাৰাবাহিকত কাম কৰা দেখা গৈছে অভিনেতাগৰাকী।

2 / 7

যদিও অভিনেতাগৰাকীয়ে ছবিত অভিনেত্ৰীসকলৰ সৈতে বহুত ৰোমাঞ্চ কৰিছে, ব্যক্তিগত জীৱনত তেওঁ লাইমলাইটৰ পৰা আঁতৰি থাকি ভাল পায়। ইমৰাণৰ ইতিমধ্যে বিয়া হৈ গৈছে। কিন্তু এই দুটা দশকত হয়তো বিশেষ কেইটামান অনুষ্ঠানহে আছে যেতিয়া অভিনেতাজনক পত্নীৰ সৈতে দেখা গৈছিল।

3 / 7

ইমৰাণ হাছমীৰ পত্নীৰ নাম পাৰবীন চাহনী। তেওঁলোকৰ আয়ান চাহনী নামৰ এজন পুত্ৰও আছে। পাৰবীনে লাইমলাইটৰ পৰা দূৰত্ব বজাই ৰাখে আৰু তেওঁক কিছুমা বিশেষ অনুষ্ঠানহে দেখা পোৱা যায়।

4 / 7

ইমৰাণ হাছমী আৰু পাৰবীনৰ প্ৰেম কাহিনীও যথেষ্ট আকৰ্ষণীয়। দুয়োৰে বিয়া হোৱাৰ আগতে চাৰে ৬ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ইয়াৰ পিছত দুয়োজনে বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ২০০৬ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে এতিয়া বিবাহৰ ১৮টা সফল বছৰ একেলগে পাৰ কৰিলে।

5 / 7

ইমৰাণ আৰু পাৰবীনৰ সম্পৰ্কৰ বিশেষ কথাটো হ’ল যেতিয়া তেওঁলোকৰ ৰোমাঞ্চ আৰম্ভ হৈছিল যেতিয়া ইমৰানে জীৱন সংগ্ৰাম কৰি আছিল। বিয়াৰ পিছতো কিছুদিন এনেকৈয়ে থাকিল। কিন্তু যিকোনো পৰ্যায়তে তেওঁলোকে ইজনে সিজনৰ হাত এৰি দিয়া নাছিল। । ইমৰাণৰ পত্নী এগৰাকী চাকৰিয়াল। তেওঁ পেছাত এগৰাকী শিক্ষয়িত্ৰী।

6 / 7

ইমৰানে এক সাক্ষাৎকাৰৰ সময়তো কৈছিল যে, তেওঁৰ ব্যক্তিগত জীৱন ছবিত দেখাৰ দৰে একেবাৰেই নহয়। তেওঁ বৰ লাজুকীয়া আৰু একেবাৰে ৰোমান্টিক নহয়। বিয়া হোৱাৰ সময়ত তেওঁ পত্নীক কোনো দামী উপহাৰ দিয়া বা কেণ্ডেললাইট ডিনাৰলৈও নিয়া নাছিল।

7 / 7

ইমৰাণ হাছমীৰ কেৰিয়াৰৰ কথা ক'বলৈ অভিনেতাগৰাকীক শেষবাৰৰ বাবে ছলমান খানৰ ছবি টাইগাৰ ৩ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এই সময়ছোৱাত তেওঁৰ ভূমিকাক যথেষ্ট শলাগ লৈছিল দৰ্শকে। এতিয়া তেওঁক গ্ৰাউণ্ড জিৰ’ ছবিখনত দেখা যাব। ইয়াৰ উপৰিও তেওঁ দক্ষিণৰ ছবিজগত অন্বেষণৰো চেষ্টা কৰিছে।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?
Hanuman Janmotsav 2025: হনুমান জয়ন্তী কেতিয়া? জানক পূজাৰ শুভ সময়
ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?