Euro 2024: হঠাতে কিয় কান্দি উঠিল ৰ’নাল্ড? হাতযোৰ কৰি অনুৰাগীক খুজিলে ক্ষমা… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Euro 2024: হঠাতে কিয় কান্দি উঠিল ৰ’নাল্ড? হাতযোৰ কৰি অনুৰাগীক খুজিলে ক্ষমা…

Published: 

02 Jul 2024 10:06 AM

পৰ্টুগালে প্ৰৱেশ কৰিছে ইউৰো ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত। এই খেলত ফ্ৰান্সৰ সৈতে মুখামুখি হ'ব দলটো। কিন্তু সোমবাৰে হৈ যোৱা শ্লোভেনিয়া- পৰ্টুগালৰ খেলত হঠাতে কান্দি উঠে ৰ'নাল্ড।

1 / 5ইউৰো ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পৰ্টুগালে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শ্লোভেনিয়াক পেনাল্টি শ্বুট আউটত ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰৰ পথ প্ৰশস্ত কৰে ৰ’নাল্ডো বাহিনীয়ে।  পিছে এই সাফল্যৰ আগে আগে মেচ চলি থাকোঁতেই এই উঠে ক্ৰিষ্টিয়ান' ৰ'নাল্ডো।

ইউৰো ২০২৪ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পৰ্টুগালে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শ্লোভেনিয়াক পেনাল্টি শ্বুট আউটত ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰৰ পথ প্ৰশস্ত কৰে ৰ’নাল্ডো বাহিনীয়ে। পিছে এই সাফল্যৰ আগে আগে মেচ চলি থাকোঁতেই এই উঠে ক্ৰিষ্টিয়ান' ৰ'নাল্ডো।

2 / 5

অতিৰিক্ত সময়ৰ ফাৰ্ষ্ট হাফত ৰ’নাল্ডোৱে হেৰুৱায় এটা পেনাল্টি কাৰ্যকৰী কৰাৰ সুযোগ। পেনাল্টি মিছ কৰাৰ লগে লগে কান্দি উঠে ফুটবল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকাগৰাকী। কান্দোনৰত ৰ’নাল্ডোক এই সময়ত সাত্বনা দিয়ে দলীয় সতীৰ্থসকলে।

3 / 5

অৱশ্যে ৰ’নাল্ডোৰ এই কান্দোন দীৰ্ঘস্থায়ী হ'বলৈ নিদিলে দলটোৰ গ’লৰক্ষক ডিঅ’গো কোস্তাই। পেনাল্টি শ্বুট আউটত শ্লোভেনিয়াৰ তিনিটা পেনাল্টি ৰক্ষা কৰি নিজ দলক ৩-০ ব্যৱধানত আকাংক্ষিত জয় প্ৰদান কৰায় কোস্তাই।

4 / 5

পেনাল্টি মিছ হোৱাৰ পাছত ৰ'নাল্ডৱে পৰ্টুগালৰ অনুৰাগীসকলক ক্ষমা খোজা দেখা যায়। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তাৰকা ফুটবলাৰগৰাকীৰ চকুপানী ওলোৱা দৃশ্য। য'ত একাংশ অনুৰাগীয়ে লিখে- আপোনাৰ ক্ষমা গ্ৰহণ কৰা হৈছে।

5 / 5

উল্লেখ্য যে, কোৱাৰ্টাৰ ফাইনেলত শক্তিশালী ফ্ৰান্সৰ মুখামুখি হ’ব ৰ’নাল্ডোৰ পৰ্তুগাল। ৫জুলাই, শুকুৰবাৰে অনুষ্ঠিত হ'ব এই খেল।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?