আঙুৰলতা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী।
২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়। পিছত বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আছিল যদিও তাৰ পৰা অব্যাহতি লয়।
এগৰাকী কন্যা সন্তানৰ মাতৃ আঙুৰলতা। সন্তানৰ বাবে ৰাজনীতিৰ পৰা কিছু বিৰতি লৈ প্ৰাক্তন বিজেপি বিধায়িকাগৰাকীয়ে আৰম্ভ কৰিলে ব্যৱসায়। তথাপিও বিজেপি কৰ্মী হিচাপে কাম কৰি গৈছে আঙুৰলতাই।
ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে হওক প্ৰায়ে চৰ্চাত থাকে আঙুৰলতা। যদিও এইবাৰ নিৰ্বাচনী প্ৰচাৰত বেছি দেখা যোৱা নাই তথাপিও আজি 'আকৌ এবাৰ মোদী চৰকাৰ'ৰ তালে তালে হিয়া উজাৰি নাচিছে আঙুৰতা ডেকাই।
সামাজিক মাধ্যমত আকৌ ভাইৰেল হৈ পৰিছে আঙুৰলতাৰ নৃত্য।