দেশৰ বজাৰত উপলব্ধ তিনিখন বিলাসী বাইকঃ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ... Assam news - Assam Tv9

দেশৰ বজাৰত উপলব্ধ তিনিখন বিলাসী বাইকঃ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ…

Published: 

18 May 2024 13:54 PM

সকলো লোকৰে থাকে কিছুমান বিশেষ নিচা বা চখ। বাইক বা গাড়ীক লৈয়ো বহু লোকৰ যথেষ্ট চখ থকা পৰিলক্ষিত হয়। ক্ৰয় কৰে বিভিন্ন অত্যাধুনিক নামী-দামী বাহন। আপুনি জানেনে যে ভাৰতীয় বজাৰতো এনে কিছুমান বাইক বিক্ৰী হয়, যিসমূহৰ দাম ৪৩ লাখৰ পৰা ৮০ লাখ টকালৈকে হয়? আপুনি হয়তো এই কথা শুনি আচৰিত হৈছে, কিন্তু সেয়া সঁচা। ভাৰতীয় বজাৰত উপলব্ধ আটাইতকৈ দামী এনে তিনিখন বাইকৰ বিষয়ে এই লেখাটোত উল্লেখ কৰা হৈছে। এই বাইককেইখনৰ দাম ইমানেই বেছি যে অ’ডি কিউ৩ আৰু বিএমডব্লিউ এক্স১ৰ দৰে যিকোনো গাড়ীৰ দৰো বাইককেইখনৰ তুলনাত বহু কম হয়।

1 / 6Ducati Panigale V4 R: এই বাইকখনত 998 cc ইঞ্জিন আছে, ইয়াৰ উপৰিও ABS EVO, Traction Control EVO, Engine Brake Control, Ducati Slide Control আদি সুৰক্ষা বৈশিষ্ট্যও উপলব্ধ বাইকখনত।

Ducati Panigale V4 R: এই বাইকখনত 998 cc ইঞ্জিন আছে, ইয়াৰ উপৰিও ABS EVO, Traction Control EVO, Engine Brake Control, Ducati Slide Control আদি সুৰক্ষা বৈশিষ্ট্যও উপলব্ধ বাইকখনত।

2 / 6

ভাৰতীয় বজাৰত ডুকাটিৰ এই বিলাসী বাইকখনৰ মূল্য ৬৯ লাখ ৯৯ হাজাৰ টকাৰ পৰা আৰম্ভ হয়।

3 / 6

Honda Gold Wing: ভাৰতীয় বজাৰত হোণ্ডাৰ এই বিলাসী বাইকখনৰ মূল্য ৪৩ লাখ ৪১ হাজাৰ ৪২ টকা।

4 / 6

হোণ্ডাৰ এই বিলাসী বাইকখনত এয়াৰবেগ, ক্ৰুজ কণ্ট্ৰ’ল, এণ্ড্ৰইড অট’-এপল কাৰপ্লে, টায়াৰৰ চাপ নিৰীক্ষণ ব্যৱস্থাৰ দৰে বৈশিষ্ট্য আছে। এই বাইকখনৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ২৩০ কিলোমিটাৰ।

5 / 6

Kawasaki Ninja H2R:এই বাইকখনত মোবাইল এপ সংযোগ, জিপিএছ, দুটা ডিজিটেল ট্ৰিপ মিটাৰ, ষ্টেণ্ড এলাৰ্ম আদি বৈশিষ্ট্য আছে। এই বাইকখনৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৩২০ কিলোমিটাৰ বুলি প্ৰকাশ পাইছে।

6 / 6

ভাৰতীয় বজাৰত কাৱাছাকিৰ এই বিলাসী বাইকখনৰ মূল্য ৭৯ লাখ ৯০ হাজাৰ টকাৰ পৰা আৰম্ভ হয়।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...