5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মেদবহুলতাক লৈ হৈছে নেকি চিন্তিত? পুৱা মানি চলক এই ৫ অভ্যাস, দূৰ হ’ব চিন্তা

মেদবহুলতা বৰ্তমান সময়ত বহু লোকৰ বাবে এক চিন্তনীয় সমস্যা হৈ পৰিছে। মেদবহুলতাৰ বাবে ডায়েবেটিছ, কলেষ্টেৰল, উচ্চ ৰক্তচাপ, হৃদৰোগকে ধৰি বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকে। সেয়ে ওজন নিয়ন্ত্ৰণৰ বাবে জিমলৈ যোৱাকে ধৰি বিভিন্ন পন্থা গ্ৰহণ কৰে। পিছে ইয়াৰ সমান্তৰালকৈ সঠিক জীৱনশৈলীৰ ৰুটিন মানি চলাটো জৰুৰী বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। পুৱাৰ কিছুমান স্বাস্থ্যসন্মত অভ্যাস এইক্ষেত্ৰত অতি ফলপ্ৰসূ বিবেচিত হয়।

monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2024 08:09 AM
ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। পুৱাৰ এই আহাৰে আপোনাৰ শৰীৰ দিনটোৰ বাবে সুস্থ কৰি তোলে। আপোনাৰ ব্ৰেকফাষ্টত প্ৰটিনৰ পৰিমাণ অধিক হ’ব লাগে। প্ৰটিনে ক্ষুধাৰ হৰম’ন নিয়ন্ত্ৰণৰ কাম কৰে আৰু সেয়ে অতিমাত্ৰা খোৱাৰ পৰা বিৰত ৰাখে। পুৱাৰ ব্ৰেকফাষ্টত সেয়ে কণী, পনিৰ আৰু বাদাম জাতীয় খাদ্য অন্তৰ্ভুক্ত কৰক।

1 / 5
পুৱা প্ৰথমতে দেহ হাইড্ৰেট কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত হয়। দিনটোত নিৰ্দিষ্ট পৰিমাণৰ পানী খোৱাৰ ফলত ওজন হ্ৰাস পায় আৰু শক্তি বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ পৰামৰ্শ মতে দৈনিক ৩৪ৰ পৰা ৬৮ আউন্স পানী খাব লাগে।

2 / 5
পুৱা সোনকালে সূৰ্যৰ পোহৰ ল’লে শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ হ’ব। সূৰ্যৰ পোহৰে শৰীৰত ভিটামিন ডি উৎপন্ন কৰে, যি প্ৰত্যক্ষভাৱে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। দৈনিক ১০-১৫ মিনিট সূৰ্যৰ পোহৰত থাকিলেও ওজন কমোৱাত সহায়ক হয়।

3 / 5
দৈনিক ব্যায়ামৰ নিয়ম নিৰ্ধাৰণ কৰক। ব্যায়াম কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। পুৱা সোনকালি উঠি কিছু সময়ৰ বাবে খোজ কাঢ়িব পাৰে। ইয়াৰ ফলত ভোক নিয়ন্ত্ৰিত হয় আৰু বিপাকীয় ক্ৰিয়া উন্নত হয়।

4 / 5
মেদবহুলতাৰ পৰা আঁতৰি থাকিব বিচাৰিলে কেৱল ঘৰুৱা খাদ্যহে খাব। ঘৰতে বনোৱা খাদ্য স্বাস্থ্যকৰ আৰু এনে খাদ্যৰ দ্বাৰা আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকিব। যদি আপুনি ঘৰতে ৰন্ধা খাদ্য খায় তেন্তে আপোনাৰ ওজন বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়।

5 / 5
Latest Stories