শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিদেশী প্ৰতিনিধিৰ সৈতে কাজিৰঙা পৰিদৰ্শন কৰিলে বিদেশমন্ত্ৰী জয়শংকৰেঃ সংগ দিলে অতুল বৰা, কামাখ্যা প্ৰসাদ তাছাই

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ৰ বাবে অসমত উপস্থিত হোৱা দেশৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। তেওঁৰ সৈতে ৪৫ খন বিদেশী দেশৰ প্ৰতিনিধিয়েও কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে।

monjit-dutta
Monjit Dutta | Published: 24 Feb 2025 10:51 AM
কাইলৈৰ পৰা আৰম্ভ হ’ব অসম চৰকাৰৰ অভিলাসী কাৰ্যসূচী এডভাণ্টেজ আছাম ২.০। এই সন্মিলনৰ বাবে দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। তেওঁৰ লগতে ৪৫ খন দেশৰ প্ৰতিনিধিও সন্মিলনত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছে। এই প্ৰতিনিধিসকলৰ সৈতে আজি পুৱাতে কাজিৰঙা ৰাষ্ট্ৰী উদ্যান পৰিদৰ্শন কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে।

1 / 5
ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তথা বিদেশী প্ৰতিনিধিৰ দলটোক সংগ দিয়ে। এক ফেচবুক পোষ্ট যোগে অতুল বৰাই এই ভ্ৰমণৰ কিছ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ এই ভ্ৰমণে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনক যোগাত্মক দিশেৰে প্ৰভাৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰি সকলোৰে প্ৰতি কৃতজ্ঞতা জনায়।

2 / 5
বিদেশ মন্ত্ৰীৰ লগতে প্ৰতিনিধি দলটোৱে ২৬খন জীপছী, ১৫টা হাতীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। জীপ আৰু হাতী ছাফাৰীৰে কাজিৰঙাৰ মনোৰম সৌন্দৰ্য উপভোগ কৰি জয়শংকৰৰ লগতে বিদেশী প্ৰতিনিধি দলটোক যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত নিয়োজিত কৰ্মচাৰীসকলৰ সৈতেও সৌহাদ্যপূৰ্ণভাৱে ফটো উঠে কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে।

3 / 5
উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰতিনিধি দলটোৰ সৈতে এছ জয়শংকৰ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়। কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁলোকক বিমানবন্দৰত আদৰণি জনায়। কাজিৰঙা পৰিদৰ্শনৰ পিছত তেওঁলোকে এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰৰৈয়াৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ উৰা মাৰিব।

4 / 5
তথ্য অনুসৰি বিদেশ মন্ত্ৰীৰ সৈতে বিদেশী প্ৰতিনিধিৰ দলটোত বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, মালয়েছিয়া, ইটালী, কাজাখাস্তান, কেনিয়া, কেমেৰুণ, ৰিপাব্লিক অব কংগো, কোষ্টাৰিকা, চাদ, ঘানা, ইৰাক, নামিবিয়া, নৰ্থ মেছিদনীয়া, পানামা, পপুৱা নিউগিনি, ৰাৱাণ্ডা, পোলেণ্ড,  ছুইডেন, টিমৰ লেষ্টি, জামাইকা, ফিনলেণ্ড, জৰ্জিয়া, কিৰগিস্তান, ছাৰ্বিয়া, ছিছিলি, ছলোমন আইলেণ্ড, চাইপ্ৰাছ, এল ছালভেদৰ, এৰিট্ৰিয়া,  ৰিপাব্লিক অব গুইনিয়া, গুৱেনা, আইচলেণ্ড, চোমালিয়া, টাঞ্জানিয়া, উগাণ্ডা, ভেনিজুৱেলা, আৰ্মেনিয়া, বটছৱানা, বুলগেৰিয়া, কলম্বিয়া, কিউবা আদি দেশৰ সদস্য আছে।

5 / 5