মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট শীঘ্ৰেই দাখিল কৰা হ’ব। চলিত মাহতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সাধাৰণ বাজেট দাখিল কৰিব।
এই বাজেটত চৰকাৰে ইভি খণ্ড, এমএছএমই খণ্ড আৰু আন্তঃগাঁথনিৰ ওপৰত অধিক গুৰুত্ব দিব পাৰে। অৱশ্যে ইয়াৰ সবিশেষ তথ্য বাজেট দাখিলৰ সময়তহে উপলব্ধ হ’ব।
উল্লেখ্য যে প্ৰাক্তন বিত্তমন্ত্ৰী মোৰাৰজী দেশাই আৰু বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ধাৰাবাহিকভাৱে ৬ বাৰ বাজেট দাখিল কৰিছে। এইবাৰ বাজেট দাখিল কৰাৰ লগে লগে নিৰ্মলা সীতাৰমণ মোৰাৰজী দেশাইক অতিক্ৰমি দেশৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী হিচাপে একেৰাহে ৭ বাৰ বাজেট দাখিল কৰিব।
অৱশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোৰাৰজী দেশাইৰ নামত থকা আন এক অভিলেখ ভংগ কৰিব নোৱাৰিব পাৰে। দেশৰ ইতিহাসত সৰ্বাধিক বাৰ বাজেট দাখিল কৰাৰ ক্ষেত্ৰত এই অভিলেখ সন্নিৱিষ্ট আছে মোৰাৰজী দেশাইৰ নামত।
ভাৰতীয় ৰাজনীতিৰ ইতিহাসত সৰ্বাধিক ১০ বাৰ দেশৰ বাজেট দাখিল কৰিছে মোৰাৰজী দেশায়ে। এইক্ষেত্ৰত দেশৰ সম্পূৰ্ণ বাজেট আৰু অন্তৱৰ্তীকালীন বাজেট দুয়ো বাজেটকে অন্তৰ্ভুক্ত কৰা হৈছে।
লক্ষণীয়ভাৱে মোৰাৰজী দেশায়ে ২৯ ফেব্ৰুৱাৰীত, তেওঁৰ জন্মদিনতে এবাৰ দেশৰ বাজেট দাখিল কৰিছিল। ইতিহাসত আন কোনো বিত্তমন্ত্ৰীয়ে এইদৰে জন্মদিনত বাজেট দাখিলৰ সৌভাগ্য লাভ কৰা নাই।