আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে অষ্টমখন বাজেট। সকলো শাখাতে এই বাজেটৰ পৰা উচ্চ প্ৰত্যাশা আছিল। বাজেটত মধ্যবিত্ত শ্ৰেণীক বিশেষ সকাহ প্ৰদান কৰিছে বিত্তমন্ত্ৰীয়ে।
চৰকাৰে ২০২৫ চনৰ বাজেটত যুৱসকলৰ বাবে কেইবাটাও ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে এই বাজেটত শিক্ষা, ষ্টাৰ্টআপ আৰু নিযুক্তিক অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বাজেটত উদ্যোগ আৰম্ভ কৰা সকলৰ প্ৰতি অনুগ্ৰহ দেখুৱাইছে চৰকাৰে।
চৰকাৰে গিগ শ্ৰমিক, অভিযান্ত্ৰিক আৰু চিকিৎসা বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ মুকলি কৰিছে। গিগ শ্ৰমিকসকলৰ বাবে বহুতো বিষয় অন্তৰ্ভুক্ত কৰিছে বিত্তমন্ত্ৰীয়ে।
বিত্তমন্ত্ৰীয়ে মহিলা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ওপৰত অতিৰিক্ত গুৰুত্ব দি প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে ২ কোটি লৈকে ঋণ ঘোষণা কৰে।
ইয়াৰ উপৰিও যুৱসকলৰ বাবে আইআইটিত ৬,৫০০ শিক্ষাৰ্থীৰ বাবে নতুন আসন ঘোষণা কৰা হৈছে। লগতে সম্প্ৰসাৰিত কৰা হ'ব হোষ্টেলৰ সুবিধা। এই সকলোবোৰৰ উপৰিও চৰকাৰে আন্তঃগাঁথনি উন্নত কৰাটো গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে।