Budget 2025: যুৱশক্তি আৰু মহিলাৰ বাবে কি কি ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে? | Finance Minister was kind to the youth of the country, made this big announcement in the Budget Assam news - Assam Tv9

Budget 2025: যুৱশক্তি আৰু মহিলাৰ বাবে কি কি ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে?

Updated On: 

01 Feb 2025 21:52 PM

সংসদত একেৰাহে অষ্টম বাজেট উপস্থাপন কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বিত্তমন্ত্ৰীয়ে যুৱসকলৰ বাবে IITৰ ৬,৫০০ শিক্ষাৰ্থীৰ বাবে নতুন আসন ঘোষণা কৰে। বিত্তমন্ত্ৰীয়ে গিগ শ্ৰমিকসকলৰ বাবে বহুতো ভাল খবৰ অন্তৰ্ভুক্ত কৰিছে। ...

1 / 5আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে অষ্টমখন বাজেট। সকলো শাখাতে এই বাজেটৰ পৰা উচ্চ প্ৰত্যাশা আছিল। বাজেটত মধ্যবিত্ত শ্ৰেণীক বিশেষ সকাহ প্ৰদান কৰিছে বিত্তমন্ত্ৰীয়ে।

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে অষ্টমখন বাজেট। সকলো শাখাতে এই বাজেটৰ পৰা উচ্চ প্ৰত্যাশা আছিল। বাজেটত মধ্যবিত্ত শ্ৰেণীক বিশেষ সকাহ প্ৰদান কৰিছে বিত্তমন্ত্ৰীয়ে।

2 / 5

চৰকাৰে ২০২৫ চনৰ বাজেটত যুৱসকলৰ বাবে কেইবাটাও ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে এই বাজেটত শিক্ষা, ষ্টাৰ্টআপ আৰু নিযুক্তিক অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বাজেটত উদ্যোগ আৰম্ভ কৰা সকলৰ প্ৰতি অনুগ্ৰহ দেখুৱাইছে চৰকাৰে।

3 / 5

চৰকাৰে গিগ শ্ৰমিক, অভিযান্ত্ৰিক আৰু চিকিৎসা বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ মুকলি কৰিছে। গিগ শ্ৰমিকসকলৰ বাবে বহুতো বিষয় অন্তৰ্ভুক্ত কৰিছে বিত্তমন্ত্ৰীয়ে।

4 / 5

বিত্তমন্ত্ৰীয়ে মহিলা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ওপৰত অতিৰিক্ত গুৰুত্ব দি প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে ২ কোটি লৈকে ঋণ ঘোষণা কৰে।

5 / 5

ইয়াৰ উপৰিও যুৱসকলৰ বাবে আইআইটিত ৬,৫০০ শিক্ষাৰ্থীৰ বাবে নতুন আসন ঘোষণা কৰা হৈছে। লগতে সম্প্ৰসাৰিত কৰা হ'ব হোষ্টেলৰ সুবিধা। এই সকলোবোৰৰ উপৰিও চৰকাৰে আন্তঃগাঁথনি উন্নত কৰাটো গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া