মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভস্মীভূত হয় কেইবাটাও বাসগৃহ | Fire incident at guwahati aryanagar cylinder explosion Assam news - Assam Tv9

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভস্মীভূত হয় কেইবাটাও বাসগৃহ

Updated On: 

18 Sep 2024 15:09 PM

গুৱাহাটীৰ ৰিহাবাৰী আৰ্যনগৰত বিধ্বংসী অগ্নিকাণ্ড ৷ প্ৰায় চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো। অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

1 / 5গুৱাহাটীৰ

গুৱাহাটীৰ আৰ্যনগৰত বিধ্বংসী অগ্নিকাণ্ড। ৰন্ধন গেছৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত । ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

2 / 5

গুৱাহাটীৰ ৰিহাবাৰী আৰ্যনগৰত সংঘটিত হয় অগ্নিকাণ্ড ৷ প্ৰায় চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো।

3 / 5

ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল ৷ অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। বাসগৃহকে ধৰি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত।

4 / 5

জুইত দুখন ই-ৰিক্সা, এখন মটৰ চালিত ৰিক্সা আৰু পাঁচখন চাইকেল সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। ১০ মিনিটৰ ভিতৰতে জুইত ভস্মীভূত হয় ৮-১০টাকৈ বাসগৃহ। লগতে থকা এটা মছজিদৰ বহু সামগ্ৰীও জুইত জাহ যায়।

5 / 5

ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত পৰিয়ালকেইটাৰ সোণৰ অলংকাৰ, নথি-পত্ৰকে ধৰি সকলো সম্পত্তি জ্বলি ছাই হয়।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version