5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি শপত ল’লে ৰাজ্যৰ পাঁচ নতুন বিধায়কেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে আদৰণি

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত হোৱা উপ-নিৰ্বাচনত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হোৱা পাঁচগৰাকী নতুন বিধায়কে আজি শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱনিৰ্বাচিত বিধায়ককেইগৰাকীক শপতবাক্য পাঠ কৰোৱায়। শাসকীয় মিত্ৰজোঁটৰ পৰা নৱনিৰ্বাচিত এই বিধায়কসকলক অভিনন্দন জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

monjit-dutta
Monjit Dutta | Published: 29 Nov 2024 21:43 PM
ৰাজ্যৰ গত উপ-নিৰ্বাচনত জয়লাভ কৰি বিধানসভালৈ মনোনীত হোৱা পাঁচগৰাকী নৱনিৰ্বাচিত বিধায়ক ক্ৰমে দিপ্লু ৰঞ্জন শৰ্মা, দিগন্ত ঘাটোৱাল, নিহাৰ ৰঞ্জন দাস, দীপ্তিময়ী চৌধুৰী আৰু নিৰ্মল কুমাৰ ব্ৰহ্মই আজি অসম বিধান সভাত বিধায়কৰূপে শপতগ্ৰহণ কৰে।

1 / 5
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নৱনিৰ্বাচিত বিধায়ককেইগৰাকীক শপতবাক্য পাঠ কৰোৱায়। এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, ৰঞ্জিত দাসৰ লগতে বিধায়ক সুশান্ত বৰগোঁহাই, মানৱ ডেকাকে ধৰি শাসকীয় দলৰ নেতাসকল উপস্থিত থাকে।

2 / 5
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে এক ফেচবুক পোষ্টযোগে অনুষ্ঠানত উপস্থিত থাকি আহ্লাদিত হোৱা বুলি উল্লেখ কৰাৰ লগতে নৱনির্বাচিত বিধায়কসকলক অভিনন্দন জনায়। নতুন সদস্যকেইজনৰ শপত গ্ৰহণৰ লগে লগে অসম বিধান সভাত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চা, চমুকৈ এন ডি এৰ সদস্য সংখ্যা ৮২জনলৈ বৃদ্ধি পোৱা বুলিও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

3 / 5
ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকায়ো এক ফেচবুক পোষ্টযোগে শপত গ্ৰহণ অনুষ্ঠানৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে। নৱনিৰ্বাচিত বিধায়ককেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকক ৰাইজৰ বাবে তথা সমাজৰ উন্নয়নৰ বাবে একাগ্ৰতাৰে কাম কৰি যাবলৈ আহ্বান জনায় পীযুষ হাজৰিকাই।

4 / 5
উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ২৩ নৱেম্বৰত ফলাফল ঘোষণা কৰা হৈছিল। নিৰ্বাচনত ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, ছিদলী সমষ্টিত ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই জয়লাভ কৰিছিল।

5 / 5
Latest Stories