30 Sep 2024 20:07 PM
সোমবাৰে নেপালৰ বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০ জনলৈ বৃদ্ধি পাইছে। প্ৰকাশিত খবৰ অনুসৰি বৰ্তমানেও ৩০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে ।
এনে পৰিপ্ৰেক্ষিতত নেপালত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ নাগৰিকসকলক সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে । নেপালৰ এই ভয়াৱহ প্ৰাকৃতি দুৰ্যোগে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত বহু ভাৰতীয় নাগৰিক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । ভাৰতীয় দূতাবাসে বান আৰু ভূমিস্খলনত আবদ্ধ হৈ পৰা ভাৰতীয়ক উদ্ধাৰ কৰাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে ।
আবদ্ধ হৈ থকা ভাৰতীয়ে সকলে দূতাবাসে মুকলি কৰা নম্বৰ- +৯৭৭-৯৮৫১৩১৬৮০৭, +৯৭৭-৯৮৫১১০৭০২১ আৰু +৯৭৭-৯৭৪৯৮৩৩২৯২ নম্বৰত যোগাযোগ কৰিব পাৰে । যিকোনো পৰিস্থিতিত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকে এই তিনিটা নম্বৰত যোগাযোগ কৰিব পাৰে।
ভাৰতীয় দূতাবাসে জনাইছে যে, দূতাবাসে ভাৰতীয় নাগৰিকক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে । ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে নেপালী কৰ্তৃপক্ষৰ সৈতেও কাম কৰি থকা হৈছে বুলি জানিবলৈ দিছে ভাৰতীয় দূতাবাসে।
নেপালৰ গৃহ মন্ত্ৰণালয়ে জনোৱা মতে, বান আৰু ভূমিস্খলনৰ পিছত সকলো নিৰাপত্তা সংস্থাক সাহায্য অভিযানৰ বাবে নিয়োগ কৰা হৈছে আৰু নেপাল সেনা, নেপাল আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰ জোৱানসকলে এই পৰ্যন্ত প্ৰায় ৪৫০০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰিছে।