সাৱধান! অসমৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বনজুই, ভস্মীভূত বাসগৃহ আৰু... | Forest fires in various parts of Assam know in details Assam news - Assam Tv9

সাৱধান! অসমৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বনজুই, ভস্মীভূত বাসগৃহ আৰু…

Published: 

19 Mar 2025 12:00 PM

অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে বনজুইৰ খবৰ। জুইৰ লেলিহান শিখাই আৱৰি পেলাইছে সকলো। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বনজুইৰ ফটো, ভিডিঅ'।

1 / 5বৰ্তমান সময়ত বতৰে ভয়ংকৰ ৰূপ লৈছে। পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত চাৰিওফালে শুকান হৈ পৰিছে। খৰালি কালৰ এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত নদী,হ্ৰদ আদি শুকাই গৈছে লগতে গছ গছনিৰ ডাল পাত, হাবি বননি আদিও বহু পৰিমাণে শুকান হৈ পৰিছে।

বৰ্তমান সময়ত বতৰে ভয়ংকৰ ৰূপ লৈছে। পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত চাৰিওফালে শুকান হৈ পৰিছে। খৰালি কালৰ এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত নদী,হ্ৰদ আদি শুকাই গৈছে লগতে গছ গছনিৰ ডাল পাত, হাবি বননি আদিও বহু পৰিমাণে শুকান হৈ পৰিছে।

2 / 5

এনে পৰিস্থিতিৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বনজুইৰ খবৰ। মঙলবাৰৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনজুই সংঘটিত হোৱাৰ খবৰ আহি পৰে। লগে লগে অসম আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

3 / 5

কালি আমিনগাঁৱৰ জয়গুৰুৰ বাথৌগুৰিত ভয়ংকৰ বনজুই সংঘটিত হয়। বনজুইৰ লেলিহান শিখাত ভস্মীভূত হয় দুটাকৈ বাসগৃহ। বনজুইত ভস্মীভূত এটা পুৰণি প্লাষ্টিকৰ ডেম্প। একাংশৰ মতে কোনো দুষ্ট চক্ৰই শুকান পাতত জুই লগাই দিয়াৰ ফলত এই বনজুইৰ সূত্ৰপাত হয়। গড়ভাঙাতো অনুৰূপ ঘটনা সংঘটিত হয়।

4 / 5

ইয়াৰোপৰি বঙাইগাঁৱপ চাপৰাকাটাতো বনজুইৰ ঘটনা সংঘটিত হয়। এই বনজুইয়ে ইমানেই ভয়ংকৰ ৰূপ ধৰে যে জনাঞ্চললৈ জুই বিয়পি পৰে। ইয়াৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।পৰৱৰ্তী সময়ত আৰক্ষী, অগ্নি-নিৰ্বাপক বাহিনী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

5 / 5

এই সন্দৰ্ভত অসম আৰক্ষীয়ে সামাজিক মাধ্যমত এক পোষ্ট কৰিছে। বনজুইৰ ফটো শ্বেয়াৰ কৰি আৰক্ষীয়ে কৈছে যে শুকান বতৰৰ বাবে অৰণ্য, বাঁহৰ বাগিচা, ঘাঁহ আদিত জুই লাগিছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ২৪/৭ অক্লান্তভাৱে কাম কৰি আছে বিভাগীয় বিষয়াসকলে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই আৰক্ষীয়ে।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা