Assam Train Accident: ৰাজ্যত যাত্ৰীবাহী ৰে'ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা | four coaches lokmanya tilak express train derailed in dima hasao assam Assam news - Assam Tv9

Assam Train Accident: ৰাজ্যত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা

Updated On: 

17 Oct 2024 21:52 PM

পুনৰ এক ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। দুৰ্ঘটনাগ্ৰস্ত ৰে'লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে'ল বিভাগে জনোৱা মতে ৰে'লখন ডিমা হাচাও জিলাৰ দিবালং নামৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।

1 / 5

ৰাজ্যত সংঘটিত হৈছে এক ৰে'ল দুৰ্ঘটনা। দুৰ্ঘটনাৰ স্থান ডিমা হাচাও জিলা। উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ডিমা হাচাও জিলাত দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী ৰে'লখন ।

2 / 5

ডিমা হাছাও জিলাৰ ডিবালং ৰেল ষ্টেশ্যনৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত নামনিমুৱা আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ৷ যাত্ৰীবাহী ৰে'লখনৰ ইঞ্জিনসহ ৮টা দবা লাইনচ্যুত হোৱাৰ খবৰ পোৱা গৈছে।

3 / 5

দুৰ্ঘটনাগ্ৰস্ত ৰে'লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে'ল বিভাগে জনোৱা মতে ৰে'লখন ডিমা হাচাও জিলাৰ দিবালং নামৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।

4 / 5

দিবালং ক্ৰছিং পইণ্টত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিয়লি ৪:২০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

5 / 5

এই ৰে’ল দুৰ্ঘটনাৰ ফলত ১৩১৭৪ চাব্ৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ মাইবঙত ৰখাবলগীয়া হোৱাৰ বিপৰীতে ১৫৬১৮ দুৰ্লভচেৰা-গুৱাহাটী ৰে’লখন নিউ হাফলঙত আবদ্ধ হৈ পৰিবলগীয়া হয়। ৰে’ল বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ৷ 03674-263120, 03674-263126 নম্বৰ মুকলি৷

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম