5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ফ্ৰেন্স অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ নাডালঃ সামৰণি পৰিব নেকি কেৰিয়াৰ!

মূৰত এডাল বেণ্ড আৰু বাওঁহাতত ৰেকেট, দুৰন্ত ছাৰ্ভেৰে প্ৰতিপক্ষ ব্যতিব্যস্ত কৰি তোলা টেনিছ ইতিহাসৰ অন্যতম মহাতাৰকা ৰাফেল নাডাল বুলিলেই অনুৰাগীৰ চকুত ভাহি আহে এই চিনাকি দৃশ্য। প্ৰায় দুই দশকজোৰা স্বৰ্ণিল কেৰিয়াৰত তাৰকাগৰাকীয়ে জয় কৰিছে ২২ টাকৈ গ্ৰেণ্ড শ্লেম খিতাপ। ফ্ৰেন্স অ’পেনৰ ইতিহাসত নিজকে সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠা কৰি এই স্পেনিছ খেলুৱৈগৰাকী হৈ পৰিল ক্লে‘ ক’ৰ্টৰ অবিসম্বাদী সম্ৰাট। কিন্তু কেৰিয়াৰৰ সম্ভাৱ্য অন্তিমখন ফ্ৰেন্স অপেন প্ৰতিযোগিতাত অনাকাংক্ষিত ফলাফল বুকুত বান্ধি বিদায় ল’লে নাডালে। প্ৰথম ৰাউণ্ডতে অন্ত পৰিল নাডালৰ অভিযান।

monjit-dutta
Monjit Dutta | Published: 28 May 2024 13:59 PM
ফ্ৰেন্স অ’পেনৰ ইতিহাসৰ আটাইতকৈ সফল তাৰকা হিচাপে খ্যাতি লাভ কৰা ৰাফেল নাডালে এইবাৰ অতিক্ৰম কৰিব নোৱাৰিলে প্ৰথম ৰাউণ্ডৰ দেওনা। অভিজ্ঞ তাৰকাগৰাকীক প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় দিয়ে আলেকজেণ্ডাৰ জেভেৰেভে।

1 / 5
১৪ বাৰৰ ফ্ৰেন্স অ’পেনৰ চেম্পিয়ন নাডালক জেভেৰেভে ৬-৩, ৭-৬ আৰু ৬-৩ ব্যৱধানত পৰাস্ত কৰে।

2 / 5
উল্লেখ্য যে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনত চতুৰ্থ ৰাউণ্ডৰ পূৰ্বে বাহিৰ হৈছে নাডাল। প্ৰতিযোগিতাখনৰ ইতিহাসত এয়া তেওঁৰ চতুৰ্থ পৰাজয়।

3 / 5
কেৰিয়াৰত ২২ টা গ্ৰেণ্ড শ্লেম খিতাপ জয়ী নাডালে ৩ জুনত ৩৮ বছৰ সম্পূৰ্ণ কৰিব। বিগত সময়ছোৱাত আঘাতৰ সমস্যাৰেও যুঁজি আছে তাৰকাগৰাকীয়ে। এনে অৱস্থাত ফ্ৰেন্স অ’পেনত সন্মুখীন হোৱা প্ৰথম ৰাউণ্ডৰ পৰাজয়ে তেওঁৰ কেৰিয়াৰৰ অন্ত পেলাব পাৰে বুলি চৰ্চিত হৈছে।

4 / 5
ইতিপূৰ্বেই ২০২৪ই তেওঁৰ শেষ ছিজন হ’ব বুলিও ইংগিত দিছিল নাডালে। কিন্তু শনিবাৰে তেওঁ এই সন্দৰ্ভত ১০০ শতাংশ নিশ্চিত নহয় বুলি তাৎপৰ্যপূৰ্ণ ইংগিত দিছিল। সোমবাৰে পৰাজয়ৰ পিছতো তেনে এক ইংগিতেই দিয়ে নাডালে।

5 / 5
Latest Stories