ফ্ৰেন্স অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ নাডালঃ সামৰণি পৰিব নেকি কেৰিয়াৰ!
মূৰত এডাল বেণ্ড আৰু বাওঁহাতত ৰেকেট, দুৰন্ত ছাৰ্ভেৰে প্ৰতিপক্ষ ব্যতিব্যস্ত কৰি তোলা টেনিছ ইতিহাসৰ অন্যতম মহাতাৰকা ৰাফেল নাডাল বুলিলেই অনুৰাগীৰ চকুত ভাহি আহে এই চিনাকি দৃশ্য। প্ৰায় দুই দশকজোৰা স্বৰ্ণিল কেৰিয়াৰত তাৰকাগৰাকীয়ে জয় কৰিছে ২২ টাকৈ গ্ৰেণ্ড শ্লেম খিতাপ। ফ্ৰেন্স অ’পেনৰ ইতিহাসত নিজকে সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠা কৰি এই স্পেনিছ খেলুৱৈগৰাকী হৈ পৰিল ক্লে‘ ক’ৰ্টৰ অবিসম্বাদী সম্ৰাট। কিন্তু কেৰিয়াৰৰ সম্ভাৱ্য অন্তিমখন ফ্ৰেন্স অপেন প্ৰতিযোগিতাত অনাকাংক্ষিত ফলাফল বুকুত বান্ধি বিদায় ল’লে নাডালে। প্ৰথম ৰাউণ্ডতে অন্ত পৰিল নাডালৰ অভিযান।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5