উপকাৰী হ'লেও কিছুমান ৰোগৰ ক্ষেত্ৰত আদা অতি অপকাৰী, সবিশেষ জানক | ginger side effects in assamese Assam news - Assam Tv9

Ginger : উপকাৰী হ’লেও কিছুমান ৰোগৰ ক্ষেত্ৰত আদা অতি অপকাৰী, সবিশেষ জানক

Published: 

09 Sep 2024 22:49 PM

আদা আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয় । চৰ্দি, বিষ নিৰাময়, হজম শক্তিৰ সমস্যা আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আদা খাব পাৰে । প্ৰায় সংখ্যক লোকে আদা দিয়া গৰম চাহ খাই ভাল পায় । ইফালে বিভিন্ন আঞ্জাত প্ৰায়ে আদা ব্যৱহাৰ কৰা হয় । কিন্তু আদা যিধৰণে উপকাৰী, সেই একেধৰণে আদাৰ অপকাৰিতা গুণো আছে । কিছুমান ৰোগৰ বাবে আদা উপকাৰী নহয় ।

1 / 8আদা

আদা আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয় । চৰ্দি, বিষ নিৰাময়, হজম শক্তিৰ সমস্যা আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আদা খাব পাৰে । প্ৰায় সংখ্যক লোকে আদা দিয়া গৰম চাহ খাই ভাল পায় ।

2 / 8

ইফালে বিভিন্ন আঞ্জাত প্ৰায়ে আদা ব্যৱহাৰ কৰা হয় । কিন্তু আদা যিধৰণে উপকাৰী, সেই একেধৰণে আদাৰ অপকাৰিতা গুণো আছে । কিছুমান ৰোগৰ বাবে আদা উপকাৰী নহয় ।

3 / 8

গৰ্ভাৱস্থাত আদা বেছিকৈ খোৱাটো ভাল কথা নহয়। ই শৰীৰৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে।

4 / 8

গৰ্ভাৱস্থাত অত্যাধিক আদা খালে পেশীৰ স্পাজম হ’ব পাৰে, যাৰ ফলত অকাল প্ৰসৱ হ’ব পাৰে। বিশেষকৈ শেষৰ তিনি মাহত আদা নাখাবলৈ বহু চিকিৎসকে পৰামৰ্শ দিয়ে। গৰ্ভাৱস্থাৰ আৰম্ভণিতে ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ ৰাতিপুৱাৰ আদা অলপ খাব পাৰে।

5 / 8

শৰীৰত যদি হিমোফিলিয়াৰ সমস্যা থাকে, তেন্তে আদাই নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

6 / 8

হিমোফিলিয়া হৈছে এক জিনীয় ৰোগ। ইয়াৰ ফলত কেতিয়াবা ঘাঁ লাগিলে প্ৰচুৰ ৰক্তক্ষৰণ হয় । হিমোফিলিয়া ঔষধৰ লগতে আদা সেৱন কৰিলে ঔষধৰ ফলপ্ৰসূতা হ্ৰাস পাব পাৰে।

7 / 8

ওজন বৃদ্ধিৰ কৰিব বিচাৰিলে আদা থকা খাদ্য পৰিহাৰ কৰক। আদাত প্ৰচুৰ পৰিমাণে আঁহ থাকে। প্ৰতিদিনে আদা খালে চৰ্বি কমি যোৱাৰ উপৰিও চুলি সৰা সমস্যা হ'ব পাৰে।

8 / 8

ডায়েবেটিছৰ ঔষধ খালে আদা কমকৈ খোৱা ভাল। আদা সাধাৰণতে উপকাৰী হ’লেও ই এন্টি-ক’গুলেণ্ট, বিটা-ব্লকাৰ বা ইনচুলিন আদি ঔষধৰ প্ৰভাৱ কম কৰিব পাৰে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version