সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক গুৱাহাটীত আজি সোণৰ দৰ কিমান | Gold Price Today: gold and silver rate in Guwahati and India today check here Assam news - Assam Tv9

সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক গুৱাহাটীত আজি সোণৰ দৰ কিমান

Published: 

20 Jan 2025 12:04 PM

সোণৰ অলংকাৰ ক্ৰয়ৰ আকাংক্ষা অধিকাংশ লোকৰে থাকে। এই আকাংক্ষা পূৰণৰ বাবে পাৰ্যমানে চেষ্টাও চলায় আৰু সেয়ে কিছুমান লোকে উপাৰ্জনৰ এটা সৰু অংশ সঞ্চয়ো কৰি ৰাখে। আপোনাৰো যদি সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা আছে আৰু আজিয়েই ক্ৰয়ৰ কথা ভাবিছে, চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান।

1 / 5সাধাৰণতে বজাৰত প্ৰতিদিনে সোণৰ দৰৰ উত্থান পতন ঘটে। কেতিয়াবা যদি দৰ বৃদ্ধি পায়, কেতিয়াবা আকৌ হঠাতে যথেষ্ট হ্ৰাস পোৱাও পৰিলক্ষিত হয়। এই ধাৰা অনুসৰিয়েই আজি দেশত সোণৰ দাম কিছু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ২২ কেৰেট, ২৪ কেৰেট, ১৮ কেৰেট সোণ প্ৰতিটোৰে ক্ষেত্ৰত বৃদ্ধি পাইছে দাম।

সাধাৰণতে বজাৰত প্ৰতিদিনে সোণৰ দৰৰ উত্থান পতন ঘটে। কেতিয়াবা যদি দৰ বৃদ্ধি পায়, কেতিয়াবা আকৌ হঠাতে যথেষ্ট হ্ৰাস পোৱাও পৰিলক্ষিত হয়। এই ধাৰা অনুসৰিয়েই আজি দেশত সোণৰ দাম কিছু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ২২ কেৰেট, ২৪ কেৰেট, ১৮ কেৰেট সোণ প্ৰতিটোৰে ক্ষেত্ৰত বৃদ্ধি পাইছে দাম।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১৫ টকা, ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১২ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১৭ টকা বৃদ্ধি পাইছে। সেই অনুসাৰে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত দৰ ৭,৪৫০ টকা, ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮,১২৩ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত দৰ ৬,১০০ টকা হৈছে।

3 / 5

দেশৰ লগতে দৰ বৃদ্ধিৰ এই প্ৰভাৱ গুৱাহাটীতো দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ বজাৰতো আজি ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৭,৪৫০ টকা, ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ৮,১২৩ টকা আৰু ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৬,১০০ টকা দৰত উপলব্ধ হৈছে।

4 / 5

এইদৰে গুৱাহাটীত আজি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম হ’ব ৭৪,৫০০ টকা। একেদৰে ১০ গ্ৰাম ২৪ কেৰেট সোণ আজি ৮১,২৩০ টকা আৰু ১৮ কেৰেট সোণৰ ১০ গ্ৰাম আজি ৬১,০০০ টকা দৰত বজাৰত পোৱা যাব।

5 / 5

সোণৰ এই দৰৰ বিপৰীতে আজি গুৱাহাটীত ৰূপৰ দাম কালিৰ দৰৰ দৰেই অপৰিৱৰ্তিত হৈ আছে। গুৱাহাটীত আজি এক কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৬,০০০ টকা। অৰ্থাৎ প্ৰতিগ্ৰাম ৰূপ আজি গুৱাহাটীৰ বজাৰত ৯৬.৫০ টকাত পোৱা যাব।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!