হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য। আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই দেশত সোণৰ মূল্য হ্ৰাস পোৱাৰ ধাৰা আৰম্ভ হৈছিল। এই ধাৰা আজিও অব্যাহত আছে। ১৭ নৱেম্বৰত সৰ্বাধিক হ্ৰাস পাই সোণৰ মূল্য। প্ৰতি গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১২০ টকা হ্ৰাস পাই ৭,৫৮২.৩ টকা হৈছে। একে সময়তে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১১০ টকা হ্ৰাস পাই ৬,৯৫২.৩ টকা হয়।
গুৱাহাটীতো হ্ৰাস পাইছে সোণৰ মূল্য। ১৭ নৱেম্বৰৰ তথ্য অনুসৰি গুৱাহাটীত সোণৰ মূল্য পূৰ্বতকৈ বহুত হ্ৰাস পাইছে। ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য গুৱাহাটীত ৭৪,৪৭৬ টকা হৈছে। ইয়াৰ লগতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৬৮,২২০ টকা।
গুৱাহাটীত ১৭ নৱেম্বৰত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ৭,১০৫ টকা আৰু ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ৭,৪৬০ টকা। গতিকে সোণ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ বাবে এয়া উত্তম সময় বুলি ক'ব পাৰি।
তথ্য অনুসৰি ১৮ নৱেম্বৰত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৪৭৬ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৬৮,২২০ টকা। আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য গুৱাহাটী ৭,৪৪৮ টকা আৰু ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৬,৮২২ টকা।
ইয়াৰ বিপৰীতে গুৱাহাটীত ১৮ নৱেম্বৰত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৮৯.৫০ টকা আৰু প্ৰতি কেজি ৮৯,৫০০ টকা। যোৱা ১৪ নৱেম্বৰৰ পৰা গুৱাহাটীত ৰূপৰ মূল্যত কোনো সাল- সলনি হোৱা পৰিলক্ষিত হোৱা নাই।