গুগল ডুডলে সুঁৱৰিলে কেকেকঃ কিয় এই বিশেষ সোঁৱৰণ গুগলৰ... | Google Doodle celebrates KK's Bollywood debut anniversary Assam news - Assam Tv9

Google Doodle pays tribute to KK: গুগল ডুডলে সুঁৱৰিলে কেকেকঃ কিয় এই বিশেষ সোঁৱৰণ গুগলৰ…

Published: 

25 Oct 2024 16:39 PM

কৃষ্ণকুমাৰ কুন্নাথ, চমুকৈ কেকে। নিজৰ সুললিত কণ্ঠৰে প্ৰতিগৰাকী শ্ৰোতাকে আপ্লুত কৰি তোলা এটি নাম। সেয়ে বলীউডৰ এই অনন্য কণ্ঠৰ অধিকাৰী কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে জোকাৰি তুলিছিল সংগীত প্ৰেমী প্ৰতিজন লোকক। অনুৰাগী তথা শ্ৰোতাৰ মনত বিশেষ স্থান গ্ৰহণ কৰি অহা কেকেক আজি বিশেষভাৱে সুঁৰিছে গুগল ডুডলে।

1 / 5গুগল

গুগল ডুডলে আজি সোঁৱৰণ কৰিছে কেকেক। এই এনিমেটেড ডুডলটোত কেকেক হাতত মাইক লৈ গান গাই থকা দেখুওৱা হৈছে।

2 / 5

সুললিত কণ্ঠেৰে শ্ৰোতাক মুগ্ধ কৰি ৰখা কেকেৰ বলীউড অভিষেকৰ দিনটোক উদযাপন কৰিবলৈ এই ডুডল প্ৰস্তুত কৰিছে গুগলে।

3 / 5

১৯৯৬ চনৰ আজিৰ দিনটোতে ‘মাচিছ’ চিনেমাৰ 'ছোড় আয়ে হাম' গানটোৰ জৰিয়তে গায়ক হিচাপে বলীউডত অভিষেক ঘটিছিল কেকেৰ।

4 / 5

হিন্দীৰ লগতে অসমীয়া, তামিল, তেলেগু, মালায়ালম, বঙালীকে ধৰি ১১ টা ভাষাত ৩,৫০০টাতকৈ অধিক গানত কণ্ঠ নিগৰাইছিল কেকেই।

5 / 5

২০২২ চনৰ ৩১ মে’ত কলকাতাত এক সংগীত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু ঘটিছিল প্ৰখ্যাত কণ্ঠশিল্পীগৰাকীৰ।

বেংকৰ সলনি ডাকঘৰত টকা জমা কৰিলে কিমান সূত পাব?
পাকঘৰত ওলোটাকৈ নাৰাখিব কেৰাহী, আহিব পাৰে বিপদ!
কিয় পদুম ফুলৰ ওপৰত বহি থাকে দেৱী লক্ষ্মী?
ধনতেৰাচত কি কি বস্তু ক্ৰয় কৰিব নালাগে?