5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুজৰাটৰ ৫টা ভয়ংকৰ ঘটনা, য’ত প্ৰাণ হৈছিল শ শ লোকৰ…

গুজৰাটত শনিবাৰে সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনা দেশ কঁপাই গৈছে। ৰাজকোটৰ এটা গেমজোনত সংঘটিকত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ২৮ জনৰ মৃত্যু হয়। কিন্তু গুজৰাটত এয়াই প্ৰথম নহয়। বহু শোকাবহ ঘটনাৰ সাক্ষী গুজৰাট।

barasha-sarma
Barasha Sarma | Updated On: 26 May 2024 11:42 AM
২৫ মে’ত গুজৰাটৰ ৰাজকোটৰ এটা গেমজোনত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু  ২৮ জনলোকৰ।  ১২ টা শিশুসহ ২৮ জনলোকৰ মৃত্যু হোৱা এই ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে ৰাজ্যখন। এক বিস্ফোৰণৰ পাছতেই এই ঘটনা সংঘটিত হয়।

1 / 5
২০২৪ চনৰ ১৮ জানুৱাৰীত বদোদৰাৰ হৰনি হ্ৰদত এখন নাও বাগৰি পৰে। যাৰ ফলত ১৫ জন নিৰীহ শিশু আৰু ২ গৰাকী শিক্ষকৰ মৃত্যু হয়। এই শিশুকেইটা বিদ্যালয়ৰ তৰফৰ পৰা বনভোজ খাবলৈ গৈছিল।

2 / 5
২০২২ চনত গুজৰাটৰ মোৰবি চহৰত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল। ২০২২ চনৰ ৩০ অক্টোবৰত মাচ্চু নদীৰ ওপৰত থকা ঝুলন্ত দলঙৰ তাঁৰ চিঙি যায়। যাৰ ফলত প্ৰায় ১৪১ জনে মৃত্যুক সাৱতি লয়। মৃত্যু হোৱা সকলৰ ভিতৰত ৪৭ জন শিশুও আছিল।

3 / 5
২১০৯ চনত গুজৰাটৰ আহমেদাবাদত এক ভয়ংকৰ অঘটন হৈছিল।  কংকৰিয়া বালবাটিকা বিনোদন পাৰ্কত ভাঙি পৰিছিল ডিস্কভাৰী ৰাইডছ। এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল। লগতে আন বহুজন আহত হৈছিল।

4 / 5
২০১৯ চনৰ ২৪ মে’ত চুৰাটৰ সৰ্থনা জকাটনাকা অঞ্চলৰ তক্ষশিলা আৰ্কেড কোচিং চেণ্টাৰত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত ২২ জন ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ গৈছিল।  আনহাতে প্ৰায় ৫০ জন আহত হৈছিল। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ছাত্ৰ-ছাত্ৰীসকলে বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল।

5 / 5
Latest Stories