এজাক বৰষুণৰ পাছতেই পুনৰ জলমগ্ন গুৱাহাটী মহানগৰীঃ চাওক ফটো... | guwahati artificial flood photo Assam news - Assam Tv9

এজাক বৰষুণৰ পাছতেই পুনৰ জলমগ্ন গুৱাহাটী মহানগৰীঃ চাওক ফটো…

Published: 

01 Sep 2024 14:05 PM

এজাক বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান। মহানগৰীৰ কেইবাটাও অঞ্চল বানে প্লাবিত কৰাৰ লগতে বহুতৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। বানপানীৰ পাছতেই বিপদজনক হৈ পৰিছে গুৱাহাটীৰ ৰাস্তা- ঘাট।

1 / 5এজাক

এজাক বৰষুণৰ পাছতেই পুনৰ গুৱাহাটীত কৃত্ৰিম বান। দেওবাৰে মহানগৰীত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈ পৰে। কোনো কোনো স্থানত এক আঁঠু পৰ্যন্ত পানী দেখা যায়। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

2 / 5

মহানগৰীৰ মূল পথৰ লগতে প্ৰায়ভাগ উপ-পথেই প্লাবিত হৈ পৰিছে । যাৰফলত জলবন্দী হৈ পৰিছে জনতা। বহু মানুহৰ ঘৰৰ ভিতৰতো পানী সোমোৱা দেখা গৈছে।

3 / 5

এয়া জু- ৰোডৰ দৃশ্য। পানীৰে ভৰি পৰিছে জু-ৰোড। ইয়াৰ ফলত যান-বাহন চলাত অসুবিধা হোৱাৰ লগতে ই মানুহৰ বাবেও বিপদজনক হৈ পৰিছে। ফটোঃ ছ'চিয়েল মিডিয়া।

4 / 5

এই দৃশ্য ৰক্মিনী গাঁৱৰ ওচৰৰ। এই ঠাইত নতুনকৈ ফ্লাই অভাৰ নিৰ্মাণ কৰিব চৰকাৰে। কিন্তু এজাক বৰষুণৰ পাছতেই ৰুক্মিনী গাঁৱ প্লাবিত হৈ যোৱা দেখা গৈছে। ইয়াৰোপৰি চান্দমাৰি, জি এছ ৰোড, হাতীগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল বানে বুৰাই পেলাইছে। ফটোঃ ছ'চিয়েল মিডিয়া।

5 / 5

এই দৃশ্য গনেশগুৰিৰ। কৃত্ৰিম বানে গনেশগুৰিতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গনেশগুৰিৰ কেইবাটাও অঞ্চল এজাক বৰষুণৰ পাছতেই প্লাবিত হৈ পৰিছে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version