5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সমবেত হ’ব নোৱাৰিব ৫জন লোক! গুৱাহাটীৰ এই এলেকাত জাৰি BNS 163

কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতেই নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী। শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে জাৰি কৰি বি এন এছ ১৬৩। এই ধাৰাৰ অধীনত এটা স্থানত ৫জনতকৈ অধিকলোক সমবেত হ'ব নোৱাৰিব। অনিৰ্দিষ্টকাললৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

barasha-sarma
Barasha Sarma | Published: 23 Dec 2024 13:33 PM
কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতেই নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী। ইয়াৰ মাজতে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বি এন এছ ১৬৩ ধাৰা (BNS 163)। গুৱাহাটীস্থিত ৰাজভৱনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত  এই ধাৰা জাৰি কৰিছে প্ৰশাসনে। সোমবাৰে ডিচিপি অমিতাভ বসুমতাৰীয়ে এই নিৰ্দেশনা জাৰি কৰে।

1 / 5
এই ধাৰা জাৰি কৰাৰ লগে লগে নিৰ্ধাৰিত এলেকাত ৫ জনতকৈ অধিকলোক সমবেত হ'ব নোৱাৰিব। এই এলেকাত কোনোৱে প্ৰতিবাদ, ধৰ্ণা বা ৰেলী আদি অনুষ্ঠিত কৰিব নোৱাৰিব। অনুমতিবিহীনভাৱে ৰাজভৱনৰ চাৰিওফালে বাহন বা ব্যক্তি যাব নোৱাৰিব। যদি কোনোৱে এই ধাৰাৰ নিয়ম উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

2 / 5
ইয়াৰোপৰি নিৰ্ধাৰিত এলেকাৰ ভিতৰত লাউডস্পীকাৰ, আতচবাজী আদিও কৰিব নোৱাৰিব। ইতিমধ্যে এই অঞ্চলৰ আশে পাশে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। কোনো প্ৰতিবাদকাৰী বা সমদলকাৰী যাতে ৰাদভৱনৰ পিনে গতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিছে আৰক্ষীয়ে।

3 / 5
উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।  কংগ্ৰেছে অনুষ্ঠিত কৰা ৰাজভৱন চলো শীৰ্ষক কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰায় ৫ শতাধিকলোকে অংশ গ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে প্ৰতিবাদকাৰীৰ লগত হতাহতিও লৈছিল।

4 / 5
কন্দুৱা গেছ নিক্ষেপৰ ফলত কংগ্ৰেছৰ কেইবাগৰাকী নেতাৰ লগতে সংবাদকৰ্মীৰো মৃত্যু হৈছিল। এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল কংগ্ৰেছ নেতা মৃদুল ইছলাম। কিন্তু জি এম চি এইচত চিকিৎসাধীন অৱস্থাত এইগৰাকী নেতাই প্ৰাণ হেৰুৱায়। তাৰ পাছতো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাৰ ন্যায় বিচাৰে। এনে অপ্ৰীতিকৰ ঘটনাৰ পাছতেই প্ৰশাসনে জাৰি কৰিছে ১৬৩ বি এন এছ।

5 / 5
Latest Stories