মহানগৰীত কালী পূজাৰ বিশেষ আয়োজন, থাইলেণ্ডৰ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বিশেষ মণ্ডপ! | Guwahati Kali Puja celebration with a unique pandal featuring Thailands Wat Arun Temple theme in Colony Bazar Assam news - Assam Tv9

মহানগৰীত কালী পূজাৰ বিশেষ আয়োজন, থাইলেণ্ডৰ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বিশেষ মণ্ডপ!

Updated On: 

26 Oct 2024 14:50 PM

গুৱাহাটী মহানগৰীটো কালী পূজাৰ বিশেষ আয়োজন। নিৰ্মাণ কৰা হৈছে ৭৫ ফুট উচ্চতাৰ মণ্ডপ। ৩৫ লাখ টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে বিশেষ মণ্ডপটো।

1 / 5কালী

কালী পূজা বা শ্যামা পূজা হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।

2 / 5

গুৱাহাটী মহানগৰীটো কালী পূজাৰ বিশেষ আয়োজন। নিৰ্মাণ কৰা হৈছে ৭৫ ফুট উচ্চতাৰ মণ্ডপ। ৩৫ লাখ টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে বিশেষ মণ্ডপটো।

3 / 5

থাইলেণ্ডৰ ৱাট অৰুণ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰি থকা হৈছে এই মণ্ডপটো। কালাপাহাৰ, কলনী বজাৰস্থিত বিবেকানন্দ স্পোৰ্টিং ক্লাবৰ উদ্যোগত এই আয়োজন।

4 / 5

এইবাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি চলাইছে বিবেকানন্দ স্পোৰ্টিং ক্লাবে। ইয়াত অনুষ্ঠিত হয় উত্তৰ-পূবৰ অন্যতম বৃহৎ কালী পূজা ।৩১ অক্টোবৰত এই মণ্ডপত অনুষ্ঠিত হ'ব কালী পূজা।

5 / 5

২ নৱেম্বৰলৈ থাকিব বিশেষ কাৰ্যসূচী। ৩০ অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰা হ'ব ইয়াৰ দুৱাৰ।বিশেষ মণ্ডপটোৱে দৰ্শনাৰ্থীক আকৰ্ষিত কৰিব পাৰিব বুলি আশা কৰিছে পূজা সমিতিয়ে।

দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?
দীপাৱলীৰ দিনা এই স্থানত জ্বলাওক চাকি, দেৱী লক্ষ্মী বাস কৰিব আপোনাৰ ঘৰত!
অলপো নোৰোৱাকৈ ভাৰতৰ পৰা আমেৰিকা পৰ্যন্ত উৰি যাব পাৰে এইবিধ চৰাই
দেশী ঘিঁউত কি ভিটামিন অধিক পৰিমাণে পোৱা যায়, বিশেষজ্ঞই দিছে সম্ভেদ