Rongali Bihu 2025: বিহুৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ, চৌদিশে ৰঙালীৰ সুগন্ধ | Guwahati market is full of Bihu items, see how they are preparing for Bihu Assam news - Assam Tv9

Rongali Bihu 2025: বিহুৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ, চৌদিশে ৰঙালীৰ সুগন্ধ

Published: 

11 Apr 2025 15:17 PM

পদূলি মুখত হেঁপাহৰ ৰঙালী । বিহু বুলি ক’লেই উলাহে নধৰা হয় প্ৰতিজন অসমীয়াৰ মন । বিহু অসমীয়াৰ চিনাকি, অসমীয়া জাতিৰ আয়ুস ৰেখা । জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰে ।

1 / 6ৰাজ্যজুৰি এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত সকলো । গাঁৱে-ভূঁঞে চহৰে-নগৰে এতিয়া কেৱল ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ।

ৰাজ্যজুৰি এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত সকলো । গাঁৱে-ভূঁঞে চহৰে-নগৰে এতিয়া কেৱল ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ।

2 / 6

সমান্তৰালকৈ মহানগৰীৰ বজাৰ এতিয়া ভৰি পৰিছে বিহুৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰে । নাচনীক সজাব পৰাকৈ কেৰু মণি গাম খাৰুৰ পৰা পিঠা পনালৈ বজাৰত ব্যাপক প্ৰয়োভৰ ।

3 / 6

বিহুলৈ বুলি যাবলৈ হেঁপাহৰ ৰিহাখন, প্ৰিয় বিহুৱান, টঙালি সকলো সামগ্ৰীৰে ভৰি পৰিছে বজাৰ । মুঠৰ ওপৰত মহানগৰীৰ বজাৰটো এতিয়া পোৱা গৈছে ৰঙালীৰ সুগন্ধ ।

4 / 6

একাংশ ব্যৱসায়ীৰ মতে বিহু আৰু ঈদ প্ৰায় ওচৰা-ওচৰিকৈ পৰাৰ বাবে বিহুৰ বজাৰ এইবাৰ পূৰ্বতকৈ ভাল হৈছে ৷ বিহুৰ সময়ত আত্মীয়-স্বজন, শুভাকাংক্ষী, বন্ধু-বান্ধৱক বিহুৱান এখন, এসাজ নতুন কাপোৰ দিয়াৰ মানসেৰে বহু অসমীয়াই ভিৰ কৰিছে বজাৰত ৷

5 / 6

হেঁপাহৰ বিহুটো থলুৱা সামগ্ৰীৰে সকলোৱে পালন কৰক বুলি বজাৰলৈ উপলব্ধ হৈছে বহু সামগ্ৰী । জাপিৰ পৰা আৰম্ভ কৰি হাতে বোৱা গামোচালৈ ।

6 / 6

মহানগৰীত উভৈনদী হৈ পৰিছে চিৰা, পিঠা, লাড়ু মুড়ি, গুড় ইত্যাদিৰে। বিহুটি নপতাকৈ থাকিব জানো পাৰি । কিয়নো বিহু থাকিলেহে থাকিব অসমীয়াৰ পৰিচয় ।

অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!