গুৱাহাটীত আৰম্ভ হ'ব মেট্ৰ' ৰেল সেৱা! নিৰ্মাণৰ বাবদ ব্যয় হ'ব ১৬,৮৫০ কোটি টকা | Guwahati Metro Rail services may start reaction mp bijuli kalita medhi Assam news - Assam Tv9

গুৱাহাটীত আৰম্ভ হ’ব মেট্ৰ’ ৰেল সেৱা! নিৰ্মাণৰ বাবদ ব্যয় হ’ব ১৬,৮৫০ কোটি টকা

Published: 

01 Jan 2025 14:27 PM

আজি বছৰৰ প্ৰথম দিন। এই দিনটোতেই ৰাজ্যবাসীৰ বাবে আহিছে ভাল খবৰ। কিয়নো গুৱাহাটীত আৰম্ভ হ'ব পাৰে মেট্ৰ' ৰেল সেৱা। এই সন্দৰ্ভত সাংসদ বিজুলী কলিতা মেধিয়েও মন্তব্য আগবঢ়াইছে।

1 / 5বছৰৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ ভাল খবৰ। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে লগতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়েও কয়। কিন্তু ইয়াৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে যে গুৱাহাটীত আৰম্ভ হ'ব মেট্ৰ' ৰেল সেৱা।

বছৰৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ ভাল খবৰ। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে লগতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়েও কয়। কিন্তু ইয়াৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে যে গুৱাহাটীত আৰম্ভ হ'ব মেট্ৰ' ৰেল সেৱা।

2 / 5

নিউজ ১৮ নৰ্থ ইষ্টয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গুৱাহাটীত হ'ব মেট্ৰ' ৰেল সেৱা। প্ৰথম পৰ্যায়ত ই গুৱাহাটীৰ ৪ টা কৰিডৰ সংযোগ কৰিব। এই ৪ টা কৰিডৰে ৬১.৪ কিলোমিটাৰ সামৰি ল'ব। এই অভিলাষী মেট্ৰ' আঁচনিৰ বাবে খৰচ হ'ব প্ৰায় ১৬,৮৫০ কোটি টকা।

3 / 5

গুৱাহাটীৰ মেট্ৰ' ৰেল সেৱা এক অভিলাষী আঁচনি। ই গুৱাহাটীৰ বাবে অত্যাধুনিক ৰেপিড’ ট্ৰেনজিট ব্যৱস্থাৰ আৰম্ভণি কৰিব। ৪ টা কৰিডৰ আৰু ৫৪ টা ষ্টেচনৰ ব্যৱস্থাৰে ৬১.৪ কিলোমিটাৰ পৰ্যন্ত এই মেট্ৰ' ৰেল চলিব। ১ নং কৰিডৰ হ'ব ধাৰাপুৰৰ পৰা নাৰেংগীলৈ মুঠ ২২.৬ কিলোমিটাৰ।

4 / 5

২ নং কৰিডৰ হ'ব এম ডি ৰোডৰ পৰা খানাপাৰালৈ। এইটো মুঠ ১০ কিলোমিটাৰ অঞ্চল সামৰি ল'ব। ৩ নং কৰিডৰ হ'ব জালুকবাৰীৰ পৰা খানাপাৰালৈ । ই মুঠ ১৯.৪ কিলোমিটাৰ সামৰি ল'ব। লগতে ৪ নং কৰিডৰ হ'ব লখৰাৰ ISBTৰ পৰা পল্টন বজাৰলৈ মুঠ ৯.৪ কিলোমিটাৰ পথ।

5 / 5

উল্লেখ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত এই ৪ কৰিডৰৰ কাম কৰা হ'ব। এই সন্দৰ্ভত সাংসদ বিজুলী কলিতা মেধিয়ে কয় যে, গুৱাহাটীৰ মেট্ৰ' সকলোৰে সপোন। গুৱাহাটী উত্তৰ-পূৱৰ এখন মুখ্য চহৰ, যাৰ বাবে প্ৰতিদিনে বহু মানুহৰ ইয়াত সমাগম হয়। যাৰ বাবে যান-জঁটৰ সমস্যা বৃদ্ধি হৈছে। গতিকে মেট্ৰ' সেৱা আৰম্ভ হ'লে ৰাইজ উপকৃত হ'ব।অৱশ্যে কেতিয়াৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে তথ্য প্ৰকাশ হোৱা নাই।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!