গুৱাহাটীঃ সুৰাৰ ৰাগীত মাতাল যুৱক-যুৱতীৰ তাণ্ডৱ, মহটিয়াই নিলে কেইবাখন বাহন... | guwahati road accident zoo road and ganeshguri, injured alleast 4 assam Assam news - Assam Tv9

গুৱাহাটীঃ সুৰাৰ ৰাগীত মাতাল যুৱক-যুৱতীৰ তাণ্ডৱ, মহটিয়াই নিলে কেইবাখন বাহন…

Published: 

07 Oct 2024 11:56 AM

Guwahati: দেওবাৰে নিশা গুৱাহাটীত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। সুৰাৰ ৰাগীত মাতাল লৈ এখন বাহনে খুন্দিয়াই স্কুৃটি আৰু অন্য এখন বাহনক। দুটাকৈ পথ দুৰ্ঘটনাত কেইবাজনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

1 / 5দুৰ্গাপূজাৰ প্ৰাকক্ষণত দেওবাৰে নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা।  ইয়াৰে এটা পথ দুৰ্ঘটনা জু ৰোড আৰু আন এটা পথ দুৰ্ঘটনা গনেশগুৰিত সংঘটিত হয়। দুয়োটা পথ দুৰ্ঘটনা অতি ভয়ংকৰ আছিল যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে যাত্ৰীৰ। অৱশ্যে গুৰুতৰভাৱে আহত হয় কেইবাজনো।

দুৰ্গাপূজাৰ প্ৰাকক্ষণত দেওবাৰে নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। ইয়াৰে এটা পথ দুৰ্ঘটনা জু ৰোড আৰু আন এটা পথ দুৰ্ঘটনা গনেশগুৰিত সংঘটিত হয়। দুয়োটা পথ দুৰ্ঘটনা অতি ভয়ংকৰ আছিল যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে যাত্ৰীৰ। অৱশ্যে গুৰুতৰভাৱে আহত হয় কেইবাজনো।

2 / 5

সুৰাৰ ৰাগীত মাতাল যুৱক- যুৱতীয়ে নিশা জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত সংঘটিত কৰে পথ দুৰ্ঘটনা। মহিণ্ড্ৰা XUV বাহনেৰে মহটিয়াই নিয়ে স্কুটাৰসহ সামগ্ৰী কঢ়িওৱা বাহন। লাইট লগোৱা কামত ব্যস্ত আছিল বাহনখনৰ কৰ্মচাৰীসকল। কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ ।

3 / 5

এই দুৰ্ঘটনাত XUV বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কেইবাটাও সুৰাৰ বটল। জানিব পৰা মতে গাড়ীখনত থকা যুৱক-যুৱতীহাল নিচাগ্ৰস্ত অৱস্থাত আছিল। দুৰ্ঘটনাত আহত হয় স্কুটীচালক। লগে লগে স্থানীয় ৰাইজে স্কুটীচালক আৰু XUVখনত অহা যুৱক যুৱতীক হাস্পাতালত ভৰ্তি কৰে।

4 / 5

আনহাতে এটা পথ দুৰ্ঘটনা সংঘটিত হয় গনেশ মন্দিৰৰ সমীপত। বাইক আৰু চুইফ্ট ডিজায়াৰৰ মাজত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত বাইক আৰোহী যুৱক আৰু এগৰাকী যুৱতী।

5 / 5

গনেশগুৰিৰ দিশৰ পৰা অহা বাইকখনৰ নম্বৰ AS 01 FT 1083। আনহাতে চুইফ্ট ডিজায়াৰখন হাতীগাঁও ফালৰ পৰা আহি আছিল। পৰৱৰ্তী সময়ত আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...