Happy Birthday Monali Thakur: কণ্ঠশিল্পী মোনালী ঠাকুৰৰ ৫টা চিৰসেউজ গীত, যিবোৰ শুনিলে শুনিয়ে থাকিব মন যায়! | Happy Birthday Monali Thakur singer those 5 evergreen songs Assam news - Assam Tv9

Happy Birthday Monali Thakur: কণ্ঠশিল্পী মোনালী ঠাকুৰৰ ৫টা চিৰসেউজ গীত, যিবোৰ শুনিলে শুনিয়ে থাকিব মন যায়!

Updated On: 

03 Nov 2024 19:10 PM

বলীউডত এনে বহু কণ্ঠশিল্পী যাৰ গীতবোৰে অনুৰাগীসকলৰ তেওঁলোকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছে। তেওঁলোকৰ মাজৰ এগৰাকী হৈছে মোনালী ঠাকুৰ। যিয়ে তেওঁৰ কণ্ঠেৰে যাদুৰে লাখ লাখ অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে। মোনালীয়ে মিউজিক ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল 2-ৰ সৈতে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। য'ত তেওঁ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। আজি মোনালী ঠাকুৰে ৩৯ তম জন্মদিন উদযাপন কৰিছে।

1 / 6১৯৮৫ চনৰ ৩ নৱেম্বৰত এটা বঙালী সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰা মোনালী ঠাকুৰে ২০০৫ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ মিউজিক ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল ২'ত অংশগ্ৰহণ কৰিছিল আৰু ৯ম স্থান লাভ কৰিছিল।  ইয়াৰ পিছত, তেওঁ ২০০৮ চনত ৰেচ ছবিত 'জাৰা জাৰা টাচ মি' আৰু 'খোৱাব দেখে (চেক্সি লেডী)' গীত গাবলৈ সুযোগ লাভ কৰিছিল।  এই দুয়োটা গীতে কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰে স্বকীয় স্বীকৃতি।

১৯৮৫ চনৰ ৩ নৱেম্বৰত এটা বঙালী সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰা মোনালী ঠাকুৰে ২০০৫ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ মিউজিক ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল ২'ত অংশগ্ৰহণ কৰিছিল আৰু ৯ম স্থান লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ ২০০৮ চনত ৰেচ ছবিত 'জাৰা জাৰা টাচ মি' আৰু 'খোৱাব দেখে (চেক্সি লেডী)' গীত গাবলৈ সুযোগ লাভ কৰিছিল। এই দুয়োটা গীতে কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰে স্বকীয় স্বীকৃতি।

2 / 6

মোনালী ঠাকুৰে তেওঁৰ কেৰিয়াৰত বহুতো গীন গাইছে। তাৰ ভিতৰত শীৰ্ষত আছে আয়ুষ্মান খুৰানা আৰু ভূমি পেডনেকাৰৰ 'দম লগা কে হাইছা' ছবিৰ 'মোহ মোহ কে ধাগে' গীতটো। এই গীতটো তেওঁৰ কেৰিয়াৰৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছিল। কিয়নো এই গীতটোৰ বাবে মোনালী শ্ৰেষ্ঠ প্লেবেক চিংগাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

3 / 6

ইয়াৰ উপৰিও, টাইগাৰ শ্ৰফ আৰু শ্ৰদ্ধা কাপুৰৰ ছবি 'বাগী'ৰ আটাইতকৈ বিখ্যাত গান 'ছম ছম' তালিকাৰ দ্বিতীয় স্থানত আছে। এই গীতটোত, মোনালীৰ কণ্ঠ আৰু শ্ৰদ্ধাৰ নৃত্যই দৰ্শকৰ হৃদয় জয় কৰিছিল। আজিও এই গীতটো চৰ্চাত আছে।

4 / 6

সোণাক্ষী সিনহা আৰু ৰণবীৰ সিঙৰ ছবি 'লুটেৰা'ৰ 'চাৱাৰ লু' গীতটো এই তালিকাত তৃতীয় স্থানত আছে। এই গীতটোৰ কথা ইমান ভাললগা যে ইয়াক বাৰে বাৰে শুনিবলৈ মন যায়। এই গীতটো সোণাক্ষী সিনহা আৰু ৰণবীৰ সিঙৰ মাজৰ ৰোমান্টিক যাত্ৰা অতি সুন্দৰভাৱে দেখুওৱা হৈছে।

5 / 6

যদি আপুনি নাচিবলৈ ভাল পায় আৰু প্ৰায়ে অকলে নাচিব বিচাৰে, তেন্তে কোনো সময়ত আপুনি নিশ্চয় বৰুণ ধাৱান আৰু আলিয়া ভট্টৰ চুপাৰহিট ছবি 'বদ্ৰীনাথ কি দুলহানিয়া'ৰ টাইটেল ট্ৰেকত নাচিছে। যিটো মোনালীৰ চিৰসেউজ গীতবোৰৰ এটা আৰু আটাইতকৈ বেছি পচন্দ কৰা হৈছে। এই গীতটোৰ সংগীত আৰু মোনালীৰ কণ্ঠই আপোনাক নাচিবলৈ বাধ্য কৰাই।

6 / 6

ৰণবীৰ কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাৰ ছবি 'আনজানা আনজানী' মনত আছেনে? এই ছবিখন ২০১০ চনত আহিছিল। ছবিখন বক্স অফিচত নচলিল। কিন্তু এই ছবিখনৰ গীতবোৰে সকলোৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল । সেই গানবোৰৰ ভিতৰত এটা আছিল 'আনজানা আনজানী' ছবিখনৰ টাইটেল ট্ৰেক যিটো বহুলভাৱে পছন্দ কৰা হৈছিল আৰু আজিও ইয়াক শুনা যায়।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...